NORTHEAST NOW (Assamese)
Uncategorized

টাইম আলোচনীৰ ২০১৭ চনৰ শ্ৰেষ্ঠ ১০০ খন ফটোৰ মাজত জিলিকিল অসমৰ অনুপম নাথৰ ফটো

Posted by: এন ই নাও নিউজ December 23, 2017 5:50 pm
টাইম আলোচনীৰ ২০১৭ চনৰ শ্ৰেষ্ঠ ১০০ খন ফটোৰ মাজত জিলিকিল অসমৰ অনুপম নাথৰ ফটো

গুৱাহাটী নিবাসী ফটোগ্ৰাফাৰ অনুপম নাথে তোলা এখন ফটো বিখ্যাত টাইম আলোচনীৰ ২০১৭ চনৰ শ্ৰেষ্ঠ ১০০ খন ফটোৰ মাজত নিৰ্বাচিত হৈছে। অনুপম নাথ বৰ্তমান ‘এছ’চিয়েটেদ প্ৰেছ’ৰ ফটোগ্ৰাফাৰ হিচাপে কৰ্মৰত। নাথে উক্ত ফটোখন ২ নৱেম্বৰত চন্দ্ৰপুৰৰ কাষৰ পানবাৰীত এটা মৃত বনৰীয়া হাতীক গাঁওবাসী সকলে পুস্পাঞ্জলি অৰ্পণ কৰা অৱস্থাত নিজৰ কেমেৰাত আবদ্ধ কৰি ৰাখিছিল। ‘উক্ত ফটোখন মোৰ বাবে একেবাৰে অপৰিকল্পিত  আছিল। মানুহ বিলাকে এটা মৃতদেহত ফুল দি থকা মুহূৰ্তটো যথেষ্ট আবেগিক তথা চিন্তা উদ্ৰেককাৰী আছিল। মই মনঃচক্ষুৰে পথাৰত এটা বৃহৎ মৃত জন্তুৰ শৰীৰ পৰি থকা দেখিবলৈ পাইছিলো, য’ত মানুহ বিলাকে আহি তাৰ এটা অংশত পুষ্পাঞ্জলি অৰ্পণ কৰি আছিল। সেয়ে মই সম্পূৰ্ণ জন্তুটোক কেমেৰাত আবদ্ধ কাৰতকৈ কেৱল ফুল পেলাই থকা অংশহে লেনছত ধৰি ৰাখিছিলো।’ অনুপম নাথে কয়। ‘টাইমৰ দৰে এখন বিখ্যাত আলোচনীত এনে এখন সাধাৰণ ফটোগ্ৰাফ প্ৰকাশ কৰিব পৰাটো যথেষ্ট ডাঙৰ কথা। আন বহু বিখ্যাত ফটোগ্ৰাফাৰৰ মাজত স্থান পাবলৈ সক্ষম হোৱাত মই যথেষ্ট সুখী হৈছো।’