NORTHEAST NOW (Assamese)
অসম

টিংখাঙত চাহ শ্ৰমিক মুক্তি সংগ্ৰাম সমিতিৰ ৰাজহ চক্ৰ বিষয়াৰ কাৰ্যালয় ঘেৰাও; স্মাৰকপত্ৰ প্ৰদান

Posted by: এন ই নাও নিউজ June 4, 2018 7:42 pm
টিংখাঙত চাহ শ্ৰমিক মুক্তি সংগ্ৰাম সমিতিৰ ৰাজহ চক্ৰ বিষয়াৰ কাৰ্যালয় ঘেৰাও; স্মাৰকপত্ৰ প্ৰদান

টিংখাঙত আজি চাহ শ্ৰমিক মুক্তি সংগ্ৰাম সমিতিয়ে নাগৰিকত্ব সংশোধনী বিধেয়ক বাতিল, চাহ শ্ৰমিকক ভূমি পট্টা প্ৰদান কৰা, শ্ৰমিকৰ মজুৰি বৃদ্ধি কৰা আদি দাবীত ৰাজগড়ত প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰি ৰাজপথ উত্তপ্ত কৰি তোলে।

কৃষক মুক্তি সংগ্ৰাম সমিতি আৰু ছাত্র মুক্তি সংগ্ৰাম সমিতিয়ে সহযোগিতা আগবঢ়োৱা এই প্ৰতিবাদী কাৰ্যসূচীত প্ৰায় শতাধিক লোকে অংশ গ্ৰহণ কৰি ৰাজগড়ৰ ৰাজপথেৰে এক সমদল বাহিৰ কৰে।

সমদলত অংশ গ্ৰহণকাৰী সকলে ‘আৰ এছ এছ মুৰ্দাবাদ, বিজেপি গ’ বেক, নৰেন্দ্ৰ মোদী মুৰ্দাবাদ, চাহ শ্ৰমিকক মাটিৰ পট্টা প্ৰদান কৰক’ আদি প্ৰতিবাদী শ্ল’গান দিয়াৰ লগতে টিংখাং ৰাজহ চক্ৰ কাৰ্যালয়ও ঘেৰাও কৰি পৰিৱেশ উত্তাল কৰি তোলে।

শেষত প্ৰতিবাদকাৰী সকলে নাগৰিকত্ব সংশোধনী বিধেয়ক বাতিল কৰা, চাহ শ্ৰমিকক মাটিৰ পট্টা প্ৰদান কৰা, শ্ৰমিকৰ দৈনিক মজুৰি ৪০০ টকালৈ বৃদ্ধি কৰাকে ধৰি সাতটা দাবী সম্বলিত এখন স্মাৰকপত্ৰ টিংখাং ৰাজহ চক্ৰ বিষয়াক প্ৰদান কৰে।