NORTHEAST NOW (Assamese)
অসম

টিহু মহকুমাক পূর্ণাংগ ৰূপ দিয়াৰ দাবীত সৰৱ বিধায়ক পবিন্দ্ৰ ডেকা-টিহু আঞ্চলিক ছাত্ৰ সন্থা

Posted by: এন ই নাও নিউজ July 18, 2018 7:34 am
MLA Pabindra DEka File Photo

নলবাৰী জিলাৰ টিহুক মহকুমা ঘোষণা কৰাৰ দুবছৰ অতিক্ৰম কৰাৰ পিছতো আজি পৰ্যন্ত পূৰ্ণাংগ ৰূপত কাম-কাজ আৰম্ভ নোহোৱাত ক্ষোক্ষ ব্যক্ত কৰিছে টিহু আঞ্চলিক ছাত্ৰ সন্থা আৰু স্থানীয় বিধায়ক পবিন্দ্ৰ ডেকাই।

টিহু মহকুমা আন্দোলনৰ একমাত্ৰ চহিদ হিমাংশু তামুলীৰ মঙলবাৰে তৃতীয় মৃত্যু বাৰ্ষিকীত বিধায়ক ডেকাই চহিদগৰাকীলৈ শ্ৰদ্ধাঞ্জলী জনাই এক বাৰ্তাত এই কথা প্ৰকাশ কৰাৰ লগতে চহিদ হিমাংশুৰ ত্যাগকো সোঁৱৰণ কৰে।

বিগত ৪০ বছৰে মহকুমা ঘোষণাৰ দাবীৰে টিহুবাসীয়ে বিভিন্ন গণতান্ত্ৰিক আন্দোলনৰ কাৰ্যসূচী ৰূপায়ণ কৰি আহিছে। আৰু এই আন্দোলনতে ২০১৫ চনৰ ১৭ জুলাইত নিৰাপত্তাৰক্ষীৰ গুলীত আছু কৰ্মী তথা ছাত্ৰ হিমাংশু তামুলী নিহত হ’বলগীয়া হৈছিল। আৰু তাৰ পাছতে টিহুক মহকুমা হিচাপে ঘোষণা কৰা হ’ল কিন্তু আজি পৰ্যন্ত পূৰ্ণাংগ ৰূপ নিদিয়াটো দুৰ্ভাগ্যজনক।

স্থানীয় অগপ বিধায়ক ডেকাই এই সম্পৰ্কত অসম চৰকাৰে গঠন কৰি দিয়া কেবিনেট উপ সমিতিৰ ওচৰত টিহু মহকুমাক পূৰ্ণাংগ ৰূপ দিয়াৰ বাবে ব্যৱস্থা গ্ৰহণৰ বাবে ইতিমধ্যে তেওঁ লিখিতভাৱে দাবী জনাইছে। এইক্ষেত্ৰত কেবিনেট উপ সমিতিয়ে ইতিবাচক পদক্ষেপ গ্ৰহণ কৰিব বুলি তেওঁ আশাবাদী।

ইফালে মঙলবাৰে দিনজোৰা কাৰ্যসূচীৰে টিহু আঞ্চলিক ছাত্ৰ সন্থাই টিহু মহকুমা আন্দোলনৰ চহিদ হিমাংশু তামুলীৰ তৃতীয় মৃত্যুবাৰ্ষিকী পালন কৰে ।

আনহাতে ভদ্ৰকুছি দ্বীপজ্যোতি সংঘয়ো দিনজোৰা বিভিন্ন ধৰ্মীয় কাৰ্যসূচীৰে চহিদগৰাকীক সোঁৱৰণ কৰে।