NORTHEAST NOW (Assamese)
অসম

বিশ্বনাথত আৰক্ষী আৰু চি আৰ পি এফ বাহিনীৰ যৌথ অভিযানত ২৩ কাৰ্টন অবৈধ সুৰা জব্দ

Posted by: কাজি জেইদুল ইছলাম September 28, 2018 7:36 am
20180927073847__MG_8410-01

বিশ্বনাথ চাৰিআলি আৰক্ষী আৰু চি আৰ পি এফ বাহিনীৰ যুটীয়া অভিযানত বৃহস্পতিবাৰে সন্ধিয়া জব্দ কৰা হয় বৃহৎ পৰিমানৰ অবৈধ সুৰা। এই যৌথ অভিযানকাৰী দলটোৱে অৰুণাচলৰ পৰা সৰবৰাহ হোৱা অৱৈধ সুৰা বিচাৰি বিশ্বনাথৰ মিছামাৰীত অভিযান চলাইছিল।

গোপন সুত্ৰৰ পম খেদি অভিযানৰ অন্তৰালত ৰবীন টেৰাং নামৰ সুৰা ব্যৱসায় জনৰ ঘৰৰ পৰা ২৩ কাৰ্টন অৰুণাচলী সুৰা জব্দ কৰা হয়।  অভিযানকাৰী দলটো গৈ ঘটনাস্থলীত উপস্থিত হোৱাৰ পূৰ্বে ৰবীন টেৰাঙে পলায়ন কৰে।

আৰক্ষী সুত্ৰৰ পৰা জানিব পৰা মতে ৰবীন টেৰাং এই অবৈধ সুৰাৰ বেহাত পূৰ্বৰ পৰা জড়িত আছে |

বৃহস্পতিবাৰে  বিশ্বনাথৰ চি আৰ পি এফ ডি ৩০ৰ ভাৰপ্ৰাপ্ত বিষয়া লুকু ৰঞ্জন নাথৰ নেতৃত্বত এটি দলে বিশ্বনাথ চাৰিআলি আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া অঞ্জু গোস্বামীৰ নেতৃত্বত যোৱা এটা আৰক্ষী দলৰ সহযোগত সন্ধিয়া প্ৰায় ৭ মান বজাত বিশ্বনাথৰ পাভৈৰ অন্তৰ্গত মিছামাৰীত ৰবীন টেৰাঙৰ ঘৰত তালাচী চলায়।

অভিযানকাৰী দলটোৱে অবৈধ সুৰা ব্যৱসায়ীজনৰ ঘৰত অভিযান চলাই মুঠ ২৩ টা কাৰ্টন তথা ১০৩২ টা সুৰাৰ বটল জব্দ কৰিবলৈ সক্ষম হয়।

ইপিনে ঘটনাস্থলীৰ পৰা সুৰা ব্যৱসায়জন পলাই যাবলৈ সক্ষম হয় যদিও বৰ্তমান আৰক্ষীয়ে অনুসন্ধান অব্যাহত ৰাখিছে বুলি সংবাদ মাধ্যমৰ আগত অৱগত কৰে।