NORTHEAST NOW (Assamese)

টি জি বৰুৱা সোঁৱৰণী মিডিয়া টি-২০ প্ৰতিযোগিতাৰ বঁটা বিতৰণ মুখ্য মন্ত্ৰী সোণোৱালৰ

January 11, 2018 9:16 pm · এন ই নাও নিউজ
Updated: January 11, 2018 9:40 pm
বিজয়ী দলৰ সৈতে মুখ্যমন্ত্ৰী। য়ু বি ফটোজ
খেলক জীৱনৰ এক ধৰণ হিচাপে ল’বলৈ যুৱক-যুৱতীসকলক জনাই আজি গুৱাহাটীৰ এক অনুষ্ঠানত মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে স্প’ৰ্টছ মেদিচিনৰ যথোচিত প্ৰসাৰৰ ওপৰত জোৰ দিয়ে আৰু ৰাজ্যখনত খেলক অধিক বিজ্ঞানসন্মত পদ্ধতিৰে গ্ৰহণ কৰাৰ বাবে আহ্বান জনায়।

গুৱাহাটীৰ জজ খেলপথাৰত টি জি বৰুৱা সোঁৱৰণী মিডিয়া টি-২০ প্ৰতিযোগিতাৰ বঁটা বিতৰণ কৰি মুখ্য মন্ত্ৰী সোণোৱালে এই বক্তব্য আগবঢ়ায়। প্ৰতিযোগিতাখনৰ চূড়ান্ত খেলত প্ৰতিদিন টাইমক পৰাস্ত কৰি অসমীয়া প্ৰতিদিনে বিজয়ীৰ খিতাপ দখল কৰে।

অনুষ্ঠানটোত উপস্থিত থাকি সৰ্বানন্দ সোণোৱালে কয় যে শাৰীৰিক আৰু মানসিক বিকাশ আৰু চৰিত্ৰ গঠনত খেলে এক গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে। যুৱক-যুৱতীসকলক তেওঁ খেলক তেওঁলোকৰ দৈনন্দিন জীৱনৰ অত্যাৱশ্যকীয় অংশ কৰি ল’বলৈ আহ্বান জনায়।

এই সন্দৰ্ভত তেওঁ ব্যক্তিগত আৰু ৰাজহুৱা যৌথ সহযোগিতাত ৰাজ্যখনত খেলৰ প্ৰসাৰৰ বাবে চৰকাৰৰ অংগীকাৰবদ্ধতাৰ কথা দোহাৰে।

কিম্বদন্তী শিল্পী ভূপেন হাজৰিকাৰ ‘এই পৃথিৱী এক ক্ৰীড়াংগন’ গানটো উল্লেখ কৰি মুখ্য মন্ত্ৰীগৰাকীয়ে দলীয় উদ্যম, ভাতৃত্ববোধ আৰু বন্ধুত্বৰ বিকাশ কৰা আৰু সমাজক অধিক শান্তিপূৰ্ণ কৰি তোলাৰ ক্ষেত্ৰত খেলে ল’ব পৰা ভূমিকাৰ উল্লেখ কৰে।

ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ লুকাই থকা খেল প্ৰতিভাসমূহক চিনাক্ত কৰাৰ ক্ষেত্ৰত সংবাদ মাধ্যমে লোৱা ভূমিকাৰো তেওঁ শলাগ লয় আৰু খেলৰ প্ৰসাৰৰ ক্ষেত্ৰত তেওঁলোকৰ সহযোগিতা কামনা কৰে। ৰাজ্যিক পৰ্যায়ৰ ছাত্ৰ আৰু যুৱ কল্যাণ উপদেষ্টা সমিতিৰ সদস্য সচিব লক্ষ্য কোঁৱৰ, সাদিন-প্ৰতিদিন গোষ্ঠীৰ স্বত্বাধিকাৰ জয়ন্ত বৰুৱা, অধিবক্তা বিজন মহাজন আৰু প্ৰাগ নিউজৰ অধ্যক্ষ তথা পৰিচালন সঞ্চালক সঞ্জীৱ নাৰায়নেও অনুষ্ঠানটোত বক্তব্য ৰাখে।

 

Related News