NORTHEAST NOW (Assamese)

টেম্পাৰিঙৰ অভিযোগ : নিৰ্বাচনী ফলাফলক কেন্দ্ৰ কৰি দুই যুৱ কংগ্ৰেছী ফৈদৰ ৰাজপথতে মাৰপিট

June 27, 2018 5:13 pm · কল্পজ্যোতি শইকীয়া
ৰাজীৱ ভৱনৰ সন্মুখত ৰাজপথতে দুই যুৱ কংগ্ৰেছী ফৈদৰ মাৰপিটৰ ঘটনা। ফটো : ইউ বি

ৰিপুন বৰাৰ নেতৃত্বত অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ অৱস্থা ক্ৰমান্বয়ে দুৰাৱস্থাৰ পিনে ঢাল খোৱা বুলি এচাম কংগ্ৰেছীয়ে অভিযোগ তোলাৰ সময়তে আজি পুনৰ উন্মোচিত হ’ল কংগ্ৰেছৰ ভিতৰুৱা কন্দলৰ অন্য এক স্বৰূপ।

বুধবাৰে যুৱ কংগ্ৰেছৰ নিৰ্বাচনৰ ফলাফল ঘোষণাৰ পাছতেই যুৱ কংগ্ৰেছীসকলৰ মাজত প্ৰচণ্ড মাৰপিটৰ ঘটনা সংঘটিত হয়।

উল্লেখ্য যে যুৱ কংগ্ৰেছৰ প্ৰাক্তন সাধাৰণ সম্পাদক মুন মুন হক চৌধুৰী প্ৰাক্তন মন্ত্ৰী ৱাজেদ আলি চৌধুৰীৰ বিৰুদ্ধে সংবাদ মাধ্যমৰ আগত লবী সৃষ্টি কৰাৰ তথা ভোট গণনাত টেম্পাৰিং কৰাৰ  গুৰুতৰ অভিযোগ অনাৰ কিছুসময়ৰ পাছতে ৱাজেদ আলি চৌধুৰীৰ সমৰ্থকে তেওঁক আক্ৰমণ কৰে।

ইয়াৰ পিছতে ৱাজেদ আলি চৌধুৰীৰ সমৰ্থক আৰু মুন মুন হক চৌধুৰী সমৰ্থকৰ মাজত প্ৰচণ্ড মাৰ-পিটৰ ঘটনা সংঘটিত হয়।

যুৱ কংগ্ৰেছীৰ কাজিয়া নিয়ন্ত্ৰণৰ বাবে আৰক্ষীৰ তৎপৰতা। ফটো : ইউ বি

ৰাজীৱ ভৱনৰ সন্মুখত ৰাজপথতে দুয়োপক্ষৰ মাজত মাৰ-পিটৰ ঘটনাৰ পাছত এ বি চি অঞ্চলটোত জনসাধাৰণৰ মাজত অস্বস্তিকৰ পৰিবেশে বিৰাজ কৰে। এবিচি অঞ্চলৰ একাংশ স্থানীয় লোকে কংগ্ৰেছ দলৰ মাজৰ এই কাজিয়াক গৰিহনা দিয়াৰ লগতে কয় যে ৰাজপথটো কংগ্ৰেছৰ পৈতৃক সম্পত্তি নহয় যে তেওঁলোকে দলীয় অন্তৰ্কন্দলক লৈ ৰাজপথতে কাজিয়া কৰিব।

অৱশ্যে ভঙাগড় আৰক্ষীয়ে কাজিয়াত লিপ্ত হোৱা মুন মুন হক চৌধুৰী আৰু ৱাজেদ আলি চৌধুৰীৰ এজন সমৰ্থকক আটক কৰি ভঙাগড় থানালৈ লৈ যায়।

আনহাতে, মুন মুন হকে ৱাজেদ আলি চৌধুৰীৰ বিৰুদ্ধে লবী কৰাৰ অভিযোগ তুলি কয় যে নিৰ্বাচনৰ সমগ্ৰ প্ৰক্ৰিয়াটোতে খেলি-মেলি কৰা মূল নায়কজনেই হ’ল ধুবুৰীৰ প্ৰাক্তন মন্ত্ৰী ৱাজেদ আলি চৌধুৰী।

তেওঁ লগতে কয়, ‘কংগ্ৰেছক ভাগ ভাগ কৰা মূল ব্যক্তিয়েই ৱাজেদ আলি চৌধুৰী। ৱাজেদ আলি চৌধুৰীৰ পুত্ৰ হোৱাৰ বাবে শ্ববাব চৌধুৰীয়ে এন এছ ইউ আইৰ সদস্য নোহোৱাকৈয়ে তেওঁ যুৱ কংগ্ৰেছীৰ ভুৱা সদস্য হিচাপে ভৰ্ত্তি হৈ নিৰ্বাচনত অৱতীৰ্ণ হৈ সাধাৰণ সম্পাদক হিচাপে নিৰ্বাচিত হৈছে।‘

আনহাতে, যুৱ কংগ্ৰেছৰ প্ৰাক্তন সাধাৰণ সম্পাদকগৰাকীয়ে এই সন্দৰ্ভত কংগ্ৰেছৰ উচ্চস্তৰীয় নেতালৈ আবেদন জনাই বিষয়টো তদন্ত কৰিবৰ বাবে আহ্বান জনাব।

দলৰ মাজ-মজিয়াতে সৃষ্টি হোৱা এনেধৰণৰ দণ্ড-খৰিয়ালে অসমত কংগ্ৰেছ দলটোৰ স্থিতি যে ক্ৰমাৎ থৰক বৰক হৈ পৰিছে তাৰেই এখন প্ৰকৃত ছবি পোহৰলৈ আনিছে।

ইপিনে কামৰুল ইছলাম চৌধুৰী নামৰ যুৱ কংগ্ৰেছৰ নৱ নিৰ্বাচিত সভাপতি তথা সাধাৰণ সম্পাদক অভিজিৎ বৰা ৰকিবুল হুছেইনৰ সমৰ্থন থকাৰ বাবে জয়ী হোৱা বিষয়টো অধিকভাৱে চৰ্চিত হৈছে। কিয়নো জয়ী হোৱা প্ৰাৰ্থী দুগৰাকীয়ে নিজৰ মুখেৰে ৰকিবুল হুছেইনৰ সমৰ্থন তথা আশীৰ্বাদ থকাৰ বাবে জয় লাভ কৰাটো সম্ভৱ হোৱা বুলি স্বীকাৰ কৰিছে।

আনহাতে, কামৰুল ইছলাম চৌধুৰী আৰু অভিজিৎ বৰাৰ সমৰ্থকসকলে ৰকিবুল হুছেইন জিন্দাবাদ ধ্বনি দিয়াৰ পৰাই কথাটো পৰিস্কাৰ হৈ পৰিছে বুলি চৰ্চিত হৈছে।

 

 

Related News