NORTHEAST NOW (Assamese)

ডকমকা-কাণ্ডৰ আন দুজন অভিযুক্ত বুবাই ৰাভা আৰু বিজয় স্বৰ্গিয়াৰীক গ্ৰেপ্তাৰ

June 15, 2018 7:39 pm · এন ই নাও নিউজ
ডকমকা-কাণ্ডৰ শেহতীয়াকৈ গ্ৰেপ্তাৰ কৰা দুজন অভিযুক্ত বিজয় স্বৰ্গিয়াৰী আৰু বুবাই ৰাভা।

ৰাজ্য কঁপাই যোৱা ডকমকা-কাণ্ডৰ আন দুজন অভিযুক্তক আজি আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে। এই কথা জনাইছে কাৰ্বি আংলং আৰক্ষীৰ সূত্ৰই।

এই দুজনকে ধৰি ঘটনাটো সন্দৰ্ভত গ্ৰেপ্তাৰ কৰা লোকৰ সংখ্যা হ’লগৈ ৩০জন। আজি গ্ৰেপ্তাৰ কৰা দুজনৰ নাম হ’ল ক্ৰমে বুবাই ৰাভা আৰু বিজয় স্বৰ্গিয়াৰী। তেওঁলোক দুয়োজনৰে ঘৰ পাণজুৰি কছাৰীগাঁৱত বুলি জানিব পৰা গৈছে।

উল্লেখযোগ্য যে গোটেই ৰাজ্যৰে সমাজ জীৱনত তীব্ৰ আলোড়ন সৃষ্টি কৰা ডকমকা-কাণ্ডৰ তদন্ত কৰিবলৈ ৰাজ্য চৰকাৰে বিশেষ তদন্তকাৰী গোট গঠন কৰিছিল। ইপিনে ঘটনাটোৰ অনুসন্ধানৰ বাবে অসম আৰক্ষীৰ অতিৰিক্ত সঞ্চালক প্ৰধান মুকেশ আগৰৱালাও ডকমকাত বাহৰ পাতিছিল।

ৰাজ্যৰ আইন মন্ত্ৰী সিদ্ধাৰ্থ ভট্টাচাৰ্য্যই ইতিমধ্যে জনোৱামতে, এই ঘটনাৰ অপৰাধীসকলৰ ফাষ্ট ট্ৰেক আদালতত বিচাৰ হ’ব।

ইপিনে গুৱাহাটী উচ্চ ন্যায়ালয়েও এটা নিজা ববীয়া গোচৰ ৰুজু কৰিছে। এই গোচৰৰ ভিত্তিত ন্যায়ালয়ে ৰাজ্য চৰকাৰক অহা ২০ জুনৰ ভিতৰত এই হত্যাকাণ্ডটো কেনেকৈ ঘটিবলৈ পালে আৰু এই ক্ষেত্ৰত জিলা প্ৰশাসন, আৰক্ষী প্ৰশাসনৰ ভূমিকা কি আছিল তাৰ বিস্তাৰিত প্ৰতিবেদন দাখিল কৰিবলৈ নিৰ্দেশ দিছে।

Related News