NORTHEAST NOW (Assamese)
অসম

ডন বস্কো হাইস্কুলৰ পৃষ্ঠপোষকতাত হোজাইত  পথ সুৰক্ষা সপ্তাহৰ আয়োজন

Posted by: নিখিল মুন্দ্ৰা May 2, 2018 3:34 pm
Hojai_road safety

বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীসকলৰ মাজত পথ সুৰক্ষা সম্পৰ্কত সজাগতা সৃষ্টিৰ বাবে হোজাইৰ ডন বস্কো হাইস্কুলে বুধবাৰে পথ সুৰক্ষা সপ্তাহৰ আয়োজন কৰিছে।

হোজাই আৰক্ষী থানাৰ ভাৰপ্ৰপ্ত বিষয়া কীটেশ্বৰ বনিয়াই এই অনুষ্ঠানত মুখ্য অতিধি হিচাপে অংশগ্ৰহণ কৰিছিল।

ছাত্ৰ-ছাত্ৰীসকলক উদ্দেশ্যি প্ৰদান কৰা ভাষণত হোজাই আৰক্ষী থানাৰ ভাৰপ্ৰপ্ত বিষয়া কীটেশ্বৰ বনিয়াই কয় যে অধিক সংখ্যক দুৰ্ঘটনাতেই যুৱচাম অধিক দুৰ্ঘটনাত পতিত হয়। বৰ্ধিত যান-বাহনৰ সংখ্যা আৰু যথে-মধে গাড়ী চলোৱাৰ বাবে পথ সুৰক্ষা কাৰ্যসূচীৰ প্ৰয়োজন আহি পৰিছে। পথ সুৰক্ষা সম্পৰ্কে শিশুহঁতক সচেতন কৰাটো জৰুৰী, য়াতে তেওঁলোকে সমাজক সুষ্ঠভাৱে আগবঢ়াই নিব পাৰে। গাড়ী চলোৱাৰ অভ্যাস উন্নত কৰিলে আমাৰ ৰাষ্টা-ঘাটসমমূহ অধিক সুৰক্ষিত হ’ব বুলি তেওঁ মন্তব্য কৰে।

হোজাই আৰক্ষী থানাৰ ভাৰপ্ৰপ্ত বিষয়াগাকীয়ে গাড়ী চলোৱাৰ সময়ত যান-বাহন আইন মানি চলাৰ ওপৰত গুৰুত্ব আৰোপ কৰে।

গাড়ী চলোৱাৰ পূৰ্বে যান-বাহন চলোৱাৰ নিয়মসূহৰ সৈতে পৰিচিত হোৱাৰ বাবে ছাত্ৰ-ছাত্ৰীসকক অনুৰোধ জনায়।

এই কাৰ্যসূচীত প্ৰায় ১৬৮০ গৰাকী ছাত্ৰ-ছাত্ৰীয়ে অংশগ্ৰহণ কৰিছিল।