NORTHEAST NOW (Assamese)
অসম

কেন্দ্ৰীয় মন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানক সাক্ষাৎ টেবল টেনিচ সংস্থাৰ নৱ নিৰ্বাচিত সভাপতি মৃগাংক বৰ্মনৰ

Posted by: কল্পজ্যোতি শইকীয়া May 2, 2018 4:27 pm
fddb98f4-a354-4b7c-ad94-2fafe4d3d859

অসম টেবল টেনিচ সংস্থাৰ সভাপতি হিচাপে নিৰ্বাচিত হোৱাৰ পাছতেই ৰাজ্যখনত টেবল টেনিচৰ প্ৰসাৰৰ বাবে তৎপৰ হৈছে বিজেপিৰ ৰাজ্যিক সাধাৰণ সম্পাদক মৃগাংক বৰ্মন ।

যোৱা ২৯ এপ্ৰিলত টেবল টেনিচ সংস্থাৰ সভাপতি পদত নিৰ্বাচিত হোৱা বৰ্মনে কালি এই ক্ৰীড়াৰ বিকাশৰ বিষয় লৈ নতুন দিল্লীত উপস্থিত হয়।

আজি পুৱাই তেওঁ কেন্দ্ৰীয় পেট্ৰ’লিয়াম মন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানক সাক্ষাৎ কৰি বিষয়টো সন্দৰ্ভত দীৰ্ঘসময় আলোচনাত মিলিত হয় ।

বৰ্মনে অসমত টেবল টেনিচৰ প্ৰসাৰ তথা এই ক্ৰীড়াক্ষেত্ৰৰ আন্ত:গাঁথনিৰ বিকাশৰ ক্ষেত্ৰত কেন্দ্ৰীয় মন্ত্ৰীগৰাকীৰ সহযোগিতা কামনা কৰে।

কেন্দ্ৰীয় মন্ত্ৰীগৰাকীৰ সৈতে তেওঁ ইয়াৰ বাবে প্ৰয়োজনীয় পুঁজি কিদৰে সংগ্ৰহ কৰিব পৰা যায় সেই বিষয়েও আলোচনা কৰে ।

আলোচনাকালত কেন্দ্ৰীয় মন্ত্ৰী প্ৰধানৰ পৰা ইতিবাচক সহাঁৰি লাভ কৰা বুলি বৰ্মনে জানিবলৈ দিছে। তেওঁ টেবল টেনিচৰ প্ৰতি যুৱক যুৱতীসকলক আকৰ্ষণ কৰাৰ বাবে শীঘ্ৰে কেতবোৰ বিশেষ পদক্ষেপ গ্ৰহণৰ কথাও উল্লেখ কৰে ।

অসমত টেবল টেনিচৰ বহু প্ৰতিবাৱান খেলুৱৈ আছে আৰু বহু খেলুৱৈয়ে ৰাষ্ট্ৰীয়-আন্ত:ৰাষ্ট্ৰীয় পৰ্যায়ত এই ক্ৰীড়াৰ জৰিয়তে অসমলৈ সুনাম কঢ়িয়াই আনিছে। এতিয়া টেবল টেনিচ সংস্থাৰ সভাপতি পদত অধিষ্ঠিত হোৱা যুৱ নেতা বৰ্মনে ৰাজ্যখনৰ খেলুৱৈসকলক প্ৰতিযোগিতামূলক ক্ষেত্ৰখনলৈ আগবাঢ়ি যোৱাত উৎসাহিত কৰিব বুলি আশা ব্যক্ত কৰিছে ক্ৰীড়া প্ৰেমীসকলে।