NORTHEAST NOW (Assamese)
অসম

জাগুনৰ টিৰাপ নৈত গা ধুবলৈ গৈ এজনৰ সলিল সমাধি

Posted by: মানস প্ৰতিম গগৈ April 20, 2019 9:02 pm

তিনিচুকীয়া জিলাৰ মাৰ্ঘেৰিটা মহকুমাৰ অন্তৰ্গত জাগুনত আজি সংঘটিত এক শোকাৱহ ঘটনাত এজন যুৱকে মৃত্যুক আঁকোৱালি ল’ব লগীয়া হয়।

ঘটনাৰ বিৱৰণি মতে বিশাল লামা (৩৫) নামৰ এজন যুৱকে আজি জাগুনৰ টিৰাপ নৈত গা ধুবলৈ গৈ ডুব যায়। পিছত স্থানীয় ৰাইজে যুৱকজনক পানীত উপঙি থকা দেখি সংকটজনক অৱস্থাত উদ্ধাৰ কৰি জাগুন ক্ষুদ্ৰ প্ৰাথ্ৰমিক চিকিৎসালয়ত চিকিৎসাৰ বাবে প্ৰেৰণ কৰে।

মন কৰিব লগীয়া যে জাগুন ক্ষুদ্ৰ প্ৰাথ্ৰমিক চিকিৎসালয়ত চিকিৎসক নথকাৰ বাবে ৰাইজৰ মাজত এক হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হয় আৰু পিছত যুৱকজনক মাৰ্ঘেৰিটা অসামৰিক চিকিৎসালয়লৈ ভৰ্তি কৰে। কিন্তু দুৰ্ভাগ্যবশত চিকিৎসকে যুৱকজনক মৃত বুলি ঘোষণা কৰে।

বিশাল লামা নামৰ যুৱকজনে এনেদৰে কৰুণ মৃত্যুক আঁকোৱালি লোৱাত অঞ্চলটোত শোকৰ ছাঁ পৰে।