NORTHEAST NOW (Assamese)
Popular Stories

দুদিনৰ বিৰতি; গুৱাহাটীত পুনৰ বন্ধ থাকিব সুৰাৰ বিপনী

Posted by: এন ই নাও নিউজ April 20, 2019 9:02 pm
excise act assam amended

২৩ এপ্ৰিলত অনুষ্ঠিত হ’বলগীয়া লোকসভা নিৰ্বাচনৰ তৃতীয় পৰ্য্যায়ৰ ভোটগ্ৰহণৰ প্ৰতি লক্ষ্য ৰাখি কামৰূপ মহানগৰ জিলা প্ৰশাসনে জিলাখনত কাইলৈৰ পৰা ড্ৰাই ডে’ ঘোষণা কৰিছে। কাইলৈ অৰ্থাৎ ২১ এপ্ৰিলৰ বিয়লি ৫ বজাৰ পৰা পৰা ২৩ এপ্ৰিলৰ বিয়লি ৫ বজালৈকে জিলাখনত বন্ধ থাকিব সুৰাৰ প্ৰচলন।

উক্ত সময়ছোৱাত জিলাখনৰ সকলো ধৰণৰ সুৰাৰ বিপনী বন্ধ থকাৰ লগতে গোপনে চলোৱা সুৰা ব্যৱসায়ৰ ওপৰতো কঠোৰ দৃষ্টি ৰখা হ’ব।

অহা ২৩ এপ্ৰিলত ভোটগ্ৰহণ হ’বলগীয়া ৰাজ্যৰ ৪টা লোকসভা সমষ্টিৰ ভিতৰত গুৱাহাটী সমষ্টি অন্যতম। ভোটগ্ৰহণ প্ৰক্ৰিয়া যাতে শান্তিপূৰ্ণভাৱে অনুষ্ঠিত হৈ যায় তাৰ প্ৰতি লক্ষ্য ৰাখিয়েই মহানগৰ প্ৰশাসনে এই নিৰ্দেশ জাৰি কৰা বুলি আজি এক প্ৰেছ বিজ্ঞপ্তি যোগে সদৰী কৰে।

উল্লেখযোগ্য যে যোৱা ১৮ এপ্ৰিলত অনুষ্ঠিত হোৱা দ্বিতীয় পৰ্যায়ৰ ভোটগ্ৰহণৰ বাবেও ১৬’ৰ পৰা ১৮ এপ্ৰিললৈ কামৰূপ মহানগৰ জিলাত ড্ৰাই ডে’ ঘোষণা কৰা হৈছিল। মহানগৰ জিলাৰ গাতে লাগি থকা নগাঁও আৰু মঙলদৈ সমষ্টি দুটাত অনুষ্ঠিত হোৱা ভোটগ্ৰহণৰ প্ৰতি লক্ষ্য ৰাখিয়ে উক্ত দিন দুটাত গুৱাহাটীত সুৰাৰ প্ৰচলন বন্ধ ৰখা হৈছিল।