NORTHEAST NOW (Assamese)

ডিগবৈত ২৯ সংখ্যক আন্তঃৰাজ্যিক পি এছ পি বি দবা আৰম্ভ

December 21, 2017 4:18 pm · লক্ষ্মণ শৰ্মা

ভাৰতীয় তেল নিগম লিমিটেডৰ অধীনৰ অসম অইল ডিভিজনৰ সৌজন্যত আজিৰ পৰা ডিগবৈত পি এছ পি বি আন্তঃৰাজ্যিক দবা প্ৰতিযোগিতা আৰম্ভ হৈছে। প্ৰতিযোগিতাখনৰ আনুষ্ঠানিকভাৱে উদ্বোধন কৰে অসম অইল ডিভিজনৰ কাৰ্য্যবাহী সঞ্চালক মৃত্যুঞ্জয় প্ৰামাণিকে। তেওঁৰ লগতে উদ্বোধনী অনুষ্ঠানটোত উপস্থিত আছিল সুনন্দ পাণ্ডে (চি জি এম), এ কে তামূলীৰ লগতে আন ভালেকেইজন জ্যেষ্ঠ বিষয়া আৰু ভাৰতৰ বিভিন্ন ঠাইৰ বিভিন্নটা পেট্ৰ’লিয়াম কোম্পানীৰ পৰা অহা খেলুৱৈসকল আছিল আৰু স্থানীয় ডিগবৈ অইলৰ কিছু সংখ্যক লোক আছিল। প্ৰামাণিকে তেওঁৰ খেলুৱৈসকলক উজ্জীৱিত কৰা ভাষণত কয়, ‘ভাৰতীয় তেল নিগমে (অসম অইল ডিভিজন) ইয়াৰ কৰ্মচাৰীৰ উপৰি ডিগবৈৰ সকলো লোকৰ বাবেই এটা ক্ৰীড়াৰ পৰিৱেশ দিছে তথা ক্ৰীড়া প্ৰতিভাক বিভিন্ন প্ৰকাৰে উৎসাহিত কৰিছে। ২৯ সংখ্যক আন্তঃৰাজ্যিক পি এছ পি বি দবা আয়োজন কৰাটো আমাৰ বাবে এটা গৌৰৱৰ বিষয়। এই সুযোগত ইয়াৰ স্থানীয় লোকসকলে ৰাষ্ট্ৰীয় পৰ্য্যায়ৰ খেলুৱৈৰ খেল চোৱাৰো সুবিধা পাব।’

জানিবলৈ পোৱা মতে ভাৰতৰ বিভিন্ন ঠাইৰ ৯টা পেট্ৰলিয়াম খণ্ডৰ পৰা মুঠ ১৪টা দলে প্ৰতিযোগিতাখনত ভাগ ল’বলৈ আহিছে। প্ৰতিযোগিতা দলীয়া আৰু ব্যক্তিগত দুয়োটা শাখাত অনুষ্ঠিত হ’ব। গ’ল্ডেন জুবিলী কমপ্লেক্সত অনুষ্ঠিত হোৱা প্ৰতিযোগিতাখন পাঁচদিন ধৰি চলিব বুলি আমাক আয়োজকে জনাইছে। ইয়াত গ্ৰেণ্ড মাষ্টাৰ তথা ৰাষ্ট্ৰীয় চেম্পিয়ন ললিথ বাবু, সূৰ্য্য শ্বেখৰ গাংগুলী আৰু কে শশী কিৰণ, পি হৰিকৃষ্ণৰ দৰে ৰাষ্ট্ৰীয় পৰ্য্যায়ৰ শীৰ্ষস্থানীয় খেলুৱৈয়েও অংশগ্ৰহণ কৰিছে।

আজিৰ অনুষ্ঠানটোৰ শুভাৰম্ভ হোৱাৰ পূৰ্বে সংবাদকৰ্মী আৰু মেনেজৰাসকলৰ এক সন্মিলনো অনুষ্ঠিত কৰা হয়।

Related News