NORTHEAST NOW (Assamese)
অসম

ডিফলু নদীৰ বলীয়া বানে প্লাৱিত কৰিলে বোকাখাতকে ধৰি বিভিন্ন ঠাইৰ বিস্তীৰ্ণ অঞ্চল

Posted by: এন ই নাও নিউজ June 13, 2018 9:10 pm

আজি পুৱাতে বোকাখাতৰ ডিফলু নদীত অহা এক প্ৰলয়ংকাৰী ঢলে মহকুমাটোৰ বিস্তীৰ্ণ অঞ্চল প্লাৱিত কৰাৰ লগতে প্ৰায় ১০ ঘণ্টাৰ বাবে প্লাৱিত কৰে ৩৭ নং ৰাষ্ট্ৰীয় পথ ৷

উল্লেখযোগ্য যে ৰাষ্ট্ৰীয় পথৰ ওপৰেদি তীব্ৰ বেগত পানী যোৱাৰ বাবেই প্ৰায় ১০ ঘণ্টা ধৰি ৰাষ্ট্ৰীয় পথত যাতায়াত বন্ধ কৰে মহকুমা প্ৰশাসনে। অৱশ্যে দিনজোৰা অচলাৱস্থাৰ শেষত বিয়লিলৈ পানী শুকুৱাত পুনৰ যান বাহনৰ বাবে ৰাষ্ট্ৰীয় পথ মুকলি কৰি দিয়া হয়।

আনহাতে পানী শুকাইছে যদিও বৰ্তমানলৈকে ৰাষ্ট্ৰীয় পথৰ সমান্তৰালে আছে জলপৃষ্ঠ আৰু বৰষুণো হৈয়ে আছে ৷ এনে অৱস্থাত ডিফলু নদীৰ পানী পুনৰ বঢ়াৰ সম্ভাৱনাই দেখা দিছে।

প্ৰাপ্ত তথ্য মতে আজি পুৱাতে অহা ডিফলুৰ ঢলে বোকাখাতৰ বৰভেটা, কলাখোৱা, পানবাৰী, শিলজুৰি, ডিফলু পথাৰ অগৰাতলি আদি গাঁও প্লাৱিত কৰে ৷ ডিফলু নদীৰ এই আকস্মিক ঢলে মেথনি চাহ বাগিছাৰ লক্ষী মন্দিৰৰ কাষৰ মাজলু ঘাটোৱাল আৰু তুলসী তেলেঙ্গাৰ বাসগৃহও উটুৱাই নিয়ে ৷ লগতে দুয়োজন লোকৰে ৰেচন কাৰ্ড, ভোটাৰ কাৰ্ডকে ধৰি বহু গুৰুত্বপূৰ্ণ নথি-পত্ৰ উটুৱাই নিয়ে ৷

ইফালে কাজিৰঙাৰ কহঁৰাত কহঁৰা নদীৰ ঢলেও কহঁৰাৰ বিস্তীৰ্ণ অঞ্চল প্লাৱিত কৰে ৷ কহঁৰাৰ বিদ্যালয়ৰ উপৰিও ইমাৰেল আৰু হৃষিকেশ নামৰ দুটা পৰ্যটক নিৱাসতো কহঁৰা নদীৰ পানী সোমায়।

আজি বিয়লিৰ ভাগত বোকাখাত মহকুমা প্ৰশাসনে কহঁৰাৰ বানাৰ্ত লোকৰ মাজত বান সাহাৰ্য বিতৰণ কৰে ৷

উল্লেখযোগ্য যে স্থানীয় লোকে কাৰ্বি আংলঙৰ পাহাৰত হোৱা অবৈধ্য আৰু অপৰিকল্পিত অবাধ খননৰে এইয়া এক ফল বুলি সকলোয়ে মন্তব্য কৰিছে ৷

আনহাতে কেন্দ্ৰীয় জল আয়োগৰ তথ্য মতে নুমলীগড়ত ধনশিৰি নদীৰ জলপৃষ্ঠ বিপদ সীমাৰ ১.০৭ মিটাৰ ওপৰেদি বৈ আছে আৰু অহা ২৪ ঘণ্টাত এই জলপৃষ্ঠ ০.৩৬ মিটাৰ বঢ়াৰ সম্ভাৱনা আছে ৷