NORTHEAST NOW (Assamese)

ডিফলু নদীৰ বানে উটুৱাই নিয়া সুনীল মুড়াৰ মৃতদেহ চাহ গছৰ মাজত উদ্ধাৰ

June 14, 2018 11:47 am · উত্তম শইকীয়া
Updated: June 14, 2018 12:24 pm

কাৰ্বি আংলং জিলাৰ পৰা নামি অহা ডিফলু নদীৰ ঢলে বুধবাৰে বোকাখাতৰ বিস্তীৰ্ণ অঞ্চল বুৰাই পেলোৱাৰ লগতে ৩৭ নং ৰাষ্ট্ৰীয় পথো বুৰাই পেলোৱাৰ লগতে বিজুলী বাগিচাৰ এজন লোকৰ প্ৰাণ কাঢ়ি নিয়ে।

উল্লেখযোগ্য যে কাৰ্বি আংলঙৰ সমীপৰ কাকচাঙৰ নিৱাসী সুনীল মুড়া নামৰ লোকজনৰ মৃতদেহ আজি পুৱা জ্ঞানদ্বীপ চাহ বাগিচাৰ চাহ গছত লাগি থকা অৱস্থাত উদ্ধাৰ হয়।

প্ৰাপ্ত তথ্য মতে কাৰ্বি আংলং জিলাৰ নামি অহা ডিফলু নদীৰ ঢলে লোকজনক উটুৱাই নিয়ে বুলি স্থানীয় ৰাইজে সন্দেহ প্ৰকাশ কৰিছে।

জানিব পৰা মতে কাকংচাঙৰ নিৱাসী সুনীল মুড়া বোকাখাতৰ প্ৰাক্তন বিধায়ক জিতেন গগৈৰ জ্ঞানদ্বীপ নামৰ ব্যক্তিগত চাহ বাগিচাৰ বাঙলাৰ চকীদাৰ আছিল। বুধবাৰে ঢলৰ সময়ৰ পৰাই নিৰুদ্দেশ হৈ আছিল সুনীল মুড়া নামৰ চকীদাৰজন।

অৱশেষত আজি পুৱা চাহবাগিচাৰ মাজত চাহ গছত লাগি থকা অৱস্থাত উদ্ধাৰ হয় তেওঁৰ মৃতদেহ ৷

ফলত লগে লগে ঘটনাৰ সন্দৰ্ভত জানিব পাৰি আজি পুৱা বোকাখাত আৰক্ষীয়ে সুনীল মুড়াৰ মৃতদেহ উদ্ধাৰ কৰে। আনহাতে মৃত্যুৰ সময়ত মুড়াই জীয়েক আৰু জোঁৱায়েক এৰি থৈ গৈছে বুলি জানিব পৰা গৈছে।

Related News