NORTHEAST NOW (Assamese)

ডিফুত ছোৱালীৰ গাত জুই লগোৱা দেৱেন তেৰাঙক গ্ৰেপ্তাৰ ডিফু আৰক্ষীৰ : জে’ললৈ প্ৰেৰণ আদালতৰ

February 14, 2018 8:06 pm · নংগি তেৰাং
গ্ৰেপ্তাৰ হোৱা দেৱেন তেৰাং

ডিফুত এগৰাকী ছোৱালীৰ গাত জুই লগোৱাৰ অপৰাধত অভিযুক্ত দেৱেন তেৰাঙক কালি ৰাতি ডিফু আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে। আজি তেৰাঙক ডিফুৰ আদালতত হাজিৰ কৰোৱাৰ পিছত তেওঁক আদালতে কাৰাগাৰলৈ প্ৰেৰণ কৰে।

ঘটনাটোৰ তদন্তকাৰী বিষয়া ডিফু চহৰ আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া চেৰাজ ইংতিয়ে জনোৱা মতে তেৰাঙক মাঞ্জা থানাৰ অন্তৰ্গত ৰিচ’ ৰংফাৰ গাঁৱৰ ৰংপ্লিমপ্লামৰ নিজা ঘৰৰ পৰা আটক কৰা হয়।

বিবাহৰ প্ৰস্তাৱ প্ৰত্যাখান কৰা বাবে যুৱতীক নিৰ্যাতন বিবাহিত পুৰুষৰ

ছোৱালীজনীৰ গাত জুই লগোৱা ঘটনাটো ৪ ফেব্ৰুৱাৰিত সংঘটিত হৈছিল যদিও ই ১২ ফেব্ৰুৱাৰিতহে পোহৰলৈ আহে।

আনহাতে গ্ৰেপ্তাৰ হোৱা তেৰাঙে ডিফু আৰক্ষী থানাত সাংবাদিকৰ আগত এই ঘটনাত তেওঁ জড়িত নহয় বুলি দাবী কৰিছে।

Related News