NORTHEAST NOW (Assamese)

ডিব্ৰুগড়ত ক্ষতিগ্ৰস্ত সুৰক্ষা সমিতি যৌথ মঞ্চৰ নেতৃত্বত ক্ষতিপূৰণৰ ধন মোকলাই দিয়াৰ দাবীত প্ৰতিবাদ

March 3, 2018 8:46 pm · অভিক চক্ৰবৰ্তী

ক্ষতিগ্ৰস্ত সুৰক্ষা সমিতি যৌথ মঞ্চৰ নেতৃত্বত শনিবাৰে প্ৰায় ১০০ জন প্ৰতিবাদকাৰীয়ে ৫২ (বি) নং ৰাষ্ট্ৰীয় ঘাইপথ নিৰ্মাণৰ নামত অধিগ্ৰহণ কৰা মাটিৰ বৰ্দ্ধিত ক্ষতিপূৰণৰ দাবীত ডিব্ৰুগড় উপায়ুক্ত কাৰ্যালয়ৰ সন্মুখত প্ৰতিবাদ সাব্যস্ত কৰে।

ক্ষতিগ্ৰস্ত সুৰক্ষা সমিতি যৌথ মঞ্চই প্ৰকাশ কৰা মতে ভূমি অধিগ্ৰহণ আইন অনুসৰি কৃষকসকলে চৰকাৰৰ পৰা ভূমি অধিগ্ৰহণৰ বাবদ উপযুক্ত ক্ষতিপূৰণ আৰু পুনৰ সংস্থাপনৰ সুবিধা লাভ কৰাটো তেওঁলোকৰ অধিকাৰ।

ক্ষতিগ্ৰস্ত সুৰক্ষা সমিতি যৌথ মঞ্চৰ সদস্য বলিন্দ্ৰ শইকীয়াই কয় যে, ‘কৃষক সকলে তেওঁলোকৰ ক্ষতিপূৰণ পাবই লাগিব  যিহেতু ৫২ (বি) নং ৰাষ্ট্ৰীয় ঘাইপথ নিৰ্মাণৰ নামত চৰকাৰে তেওঁলোকৰ ভূমি অধিগ্ৰহণ কৰিছে। বৰবৰুৱা আৰু বগীবিলৰ ৭ খন ৰাজহ গাঁৱৰ প্ৰায় ২০০ পৰিয়ালে ক্ষতিপূৰণ লাভ কৰা নায় বুলি ব্যক্ত কৰিছে।’ লগতে শইকীয়াই কয় যে উক্ত পৰিয়ালকেইটাই ক্ষতিপূৰণৰ নামত ৭ কোটি টকা মোকলাই দিয়াৰ বাবে বহুবাৰ দাবী জনাই আহিছে যদিও তেওঁলোকে বৰ্তমানলৈকে ক্ষতিপূৰণ লাভ কৰা নাই।

উল্লেখযোগ্য যে বৰবৰুৱাৰ পৰা বগীবিললৈ ৭ কি. মি. জোৰা এটা ৰে’লৱে পুলৰ নিৰ্মাণ কাৰ্য চলি আছে।   বগীবিলৰ এজন কৃষকে কয় যে, ‘আমি বগীবিলত চলি থকা দলঙৰ নিৰ্মাণ কাৰ্য বন্ধ কৰি ৰাখিছো আৰু ইয়াৰ প্ৰতিবাদ জনাইছো। লগতে আমি আমাৰ ক্ষতিপূৰণৰ ধন মোকলাই দিয়াৰ দাবী জনাইছো।’

ক্ষতিগ্ৰস্ত সুৰক্ষা সমিতি যৌথ মঞ্চৰ আন এজন সদস্যই কয় যে, ‘কেইবামাহো পাৰ হৈ যোৱাৰ পাছতো প্ৰশাসনে ক্ষতিপূৰণৰ ধন মোকলাই দিয়া নাই। আমি মাৰ্চ মাহৰ ভিতৰত আমাৰ ক্ষতিপূৰণৰ ধন মোকলাই দিয়াৰ বাবে দাবী জনাইছো। প্ৰকৃততে ৰে’লৱে বিভাগে আমাৰ ক্ষতিপূৰণ দিব লাগে কিয়নো ৰে’লেৱ পুল নিৰ্মাণৰ নামত ৰে’লৱে বিভাগে ভূমি অধিগ্ৰহণ কৰিছিল।’

প্ৰতিবাদকাৰী সকলে ক্ষতিপূৰণৰ ধন মোকলাই দিয়াৰ দাবী জনাই ডিব্ৰুগড় জিলাৰ উপায়ুক্ত লয়া মাদুৰীক এখন স্মাৰকপত্ৰ দিয়ে।

Related News