NORTHEAST NOW (Assamese)

ডিব্ৰুগড়ত ৩০ ঘণ্টাৰ ভিতৰত ৰাষ্ট্ৰীয় ঘাইপথৰ ভগা অংশ মেৰামতিৰ নিৰ্দেশ মুখ্য মন্ত্ৰী সোণোৱালৰ

July 4, 2018 5:15 pm · এন ই নাও নিউজ

ডিব্ৰুগড়ৰ মাজেৰে যোৱা ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ চাউলখোৱা আৰু নালিয়াপুল এলেকাৰ ভগা পথছোৱা অহা ৩০ ঘণ্টাৰ ভিতৰত মেৰামতি কৰিবলৈ ৰাষ্ট্ৰীয় ঘাইপথ আৰু আন্তঃগাঁথনি উন্নয়ন নিগম লিমিটেদক আজি ৪ জুলাইত নিৰ্দেশ দিছে মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱালে।

আনহাতে মেৰামতিৰ কামৰ উপযুক্ত পৰ্য্যৱেক্ষণ কৰি সময়মতে এই কাম সম্পূৰ্ণ কৰাৰ বাবে জিলা উপায়ুক্তকো মুখ্য মন্ত্ৰীয়ে নিৰ্দেশ দিছে।

উল্লেখযোগ্য যে মুখ্য মন্ত্ৰী সোণোৱালে লাহোৱালৰ বিধায়ক ৰিতুপৰ্ণ বৰুৱাৰ সৈতে আজি পথছোৱা পৰিদৰ্শন কৰি স্থানীয় লোকে সন্মুখীন হৈ থকা অসুবিধাৰ বুজ লৈছিল।

Related News