NORTHEAST NOW (Assamese)
অসম

বৰষুণ দিলেই হাৰাশাস্তি : পথৰ ওপৰেদি নাও চলাই ৰাইজৰ প্ৰতিবাদ

Posted by: জহিৰুল ইছলাম July 4, 2018 4:28 pm
লাহৰীঘাটত বৰষুণ

মাথোঁ এজাক বৰষুণ আৰু একাঁঠু পানী ৷ পৰিৱৰ্তনৰ শ্লোগানেৰে শাসনৰ বাঘজৰী দখল কৰা বিজেপি মিত্ৰজোঁট চৰকাৰৰ দিনতো এনে ঘটনা ঘটি আছে চৌদিশে।  আজি এজাক চিপচিপিয়া বৰষুণৰ পাছতেই লাহৰীঘাট বজাৰৰ মূল পথত কৃত্ৰিম বানপানীৰ সৃষ্টি হোৱাত যাতায়তত ব্যাপক অসুবিধাৰ সৃষ্টি হয়।

লাহৰীঘাট থানাৰ সন্মুখৰ পৰা বজাৰৰ সিমূৰলৈ এজাক বৰষুণত ৰাস্তা পানীৰে পৰিপূৰ্ণ হৈ পথচাৰী যাব নোৱাৰা পৰিৱেশৰ সৃষ্টি হৈছে । উল্লেখ্য যে, ৰাস্তাৰ দুয়োকাষে নিৰ্মীয়মান পকা নলাসমূহৰ কাম আজি পৰ্যন্ত সম্পূৰ্ণ হৈ নুঠাত বৰষুণৰ পানী পথৰ ওপৰতে আবদ্ধ হৈ কৃত্ৰিম বানপানীৰ সৃষ্টি কৰে ৷ যাৰ ফলত বজাৰখনৰ সাধাৰণ জীৱনযাত্ৰা ব্যহত হৈ পৰিছে ৷

স্কুল-কলেজৰ ছাত্ৰ-ছাত্ৰী, চাকৰিয়াল আদি কেনে সমস্যাৰ সন্মুখীন হৈছে তাক সহজেই অনুমান কৰিব পাৰি ৷ বজাৰখনৰ সদা ব্যস্ত ভূৰাগাঁও-নগাঁও গড়কাপ্টানী পথত একাঠু পৰ্যন্ত পানী জমা হৈ থকাৰ বাবে পথটোৰে যাতায়াত একেবাৰে ব্যাহত হৈ পৰিছে ৷

কৃত্ৰিম বানৰ কবলত পৰি জীয়াতু ভুগি থকা এই বিস্তীৰ্ণ অঞ্চলৰ দুৰ্ভগীয়া ৰাইজ তথা বিভিন্ন দল সংগঠনে এই দুৰ্দশাৰ সন্দৰ্ভত গণতান্ত্ৰিক প্ৰতিবাদ সাব্যস্ত কৰি আহিছে যদিও বিভাগীয় কৰ্তৃপক্ষই গুৰুত্ব আৰোপ নকৰাৰ অভিযোগ উত্থাপন হৈছে।

ফলত ক্ষোভিত ৰাইজে আজি পথৰ ওপৰত নৌকা- ভূৰ চলাই তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে ।