NORTHEAST NOW (Assamese)
অসম

নাগালেণ্ডৰ ‘গান্ধী’ পদ্মশ্ৰী নটৱৰ থক্কৰ আৰু নাই

Posted by: এন ই নাও নিউজ October 7, 2018 6:00 pm
natawar and latina thakkar

নাগালেণ্ডৰ ‘গান্ধী’ৰূপে অভিহিত বিশিষ্ট সমাজকৰ্মী, গান্ধীবাদী নটৱৰ থক্কৰ আৰু নাই। দেওবাৰে পুৱা প্ৰায় ৭ বজাত গুৱাহাটীৰ এপল’ হস্পিটেলত তেওঁ শেষ নিশ্বাস ত্যাগ কৰে।

২৩ ছেপ্তেম্বৰৰ পৰা হস্পিটেলখনত চিকিৎসাধীন হৈ থকা ৮৬ বছৰীয়া থক্কৰৰ চিকিৎসা আৰম্ভ কৰাৰ পিছত প্ৰথম কিছুদিন স্বাস্থ্যৰ উন্নতি ঘটিছিল যদিও শনিবাৰে পুৱাৰ পৰাই তেওঁৰ স্বাস্থ্যৰ গুৰুতৰ অৱনতি ঘটে। হস্পিটেল কৰ্তৃপক্ষই জনোৱা মতে তেওঁৰ ৰক্তচাপ কমি যোৱাৰ লগতে দুয়োটা বৃক্কই অকামিলা হৈ পৰে।

মৃত্যুৰ সময়ত থক্কৰৰ কাষত তেওঁৰ পত্নী লেতিনা আও থক্কৰৰ লগতে একমাত্ৰ পুত্ৰ আৰু দুয়োগৰাকী জীয়ৰী উপস্থিত আছিল। নটৱৰ থক্কৰ আৰু পত্নী লেতিনা আও দুয়োগৰাকীয়েই সমাজ সেৱাৰ স্বীকৃতি ৰূপে ভাৰত চৰকাৰৰ পদ্মশ্ৰী সন্মান লাভ কৰিছিল।

পৰিয়ালৰ সূত্ৰই জনোৱা মতে তেওঁৰ মৃতদেহ নাগালেণ্ডৰ গান্ধী আশ্ৰমলৈ লৈ যোৱা হ’ব।

লগতে পঢ়ক- গান্ধী আশ্ৰম এৰি গুৱাহাটীত চিকিৎসাধীন পদ্মশ্ৰী নটৱৰ থক্কৰ

২৩ বছৰ বয়সত মহাৰাষ্ট্ৰৰ পৰা আহি গান্ধীৰ আদৰ্শৰে নাগালেণ্ডত সমাজসেৱাত নিজকে নিয়োগ কৰা থক্কৰে মোককচাঙৰ চুচুয়িমলাং গাঁৱত স্থাপন কৰা গান্ধী আশ্ৰম আজি দেশ-বিদেশৰ পৰ্য্যটকৰ অন্যতম দৰ্শনস্থলী।

ডেকা কালতে মহাৰাষ্ট্ৰৰ পৰা আহি নাগালেণ্ডকে নিজৰ ঘৰ কৰি লোৱা বৰ্ষীয়ান গান্ধীবাদী সমাজ কৰ্মীজন নাগালেণ্ডত নটৱৰ ভাই নামেৰে জনাজাত আছিল।

কাকা কালেলকাৰ, জয়প্ৰকাশ নাৰায়ণ, জৱাহৰলাল নেহৰুৰ পৰা আৰম্ভ কৰি মনমোহন সিঙলৈকে বিভিন্ন প্ৰভাৱশালী লোকৰ সৈতে থক্কৰৰ ঘনিষ্ঠ সম্পৰ্ক আছিল।

নাগালেণ্ডৰ মুখ্য মন্ত্ৰী নেইফিঅ’ ৰিঅ’ই থক্কৰ মৃত্যুত শোক প্ৰকাশ কৰিছে।