NORTHEAST NOW (Assamese)
অসম

প্ৰফুল্ল কুমাৰ মহন্তৰ সমষ্টিত গড়কাপ্তানী মন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ কেইবাটাও ৰাস্তা আৰু আধাৰশিলা স্থাপন

Posted by: বিদ্যুত জ্যোতি বৰা October 7, 2018 6:21 pm
e81e39be-a4a5-423d-a608-0d1b18491f10

নগাঁও জিলাৰ পুৰণিগুদামত আজি অসমৰ বিত্ত, স্বাস্থ্য আৰু গড়কাপ্তানী মন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই প্ৰাক্তন মুখ্য মন্ত্ৰী তথা বঢ়মপুৰ সমষ্টিৰ বিধায়ক প্ৰফুল্ল কুমাৰ মহন্তৰ সমষ্টিৰ অন্তৰ্গত কেইবাটাও ৰাস্তাৰ লগতে এখন পকী দলঙৰ আধাৰশিলা স্থাপন কৰে।

আধাৰশিলা স্থাপন কৰাৰ পাছতে পুৰণিগুদাম গড়মূৰত অনুষ্ঠিত মুকলি সভাত মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মায়ে কয় যে কংগ্ৰেছৰ ১৫ বছৰীয়া শাসনৰ মূল চালিকা শক্তি আছিল সুতা, কম্বল আৰু আঠুৱা বিতৰণ। কিন্তু আমাৰ মিত্ৰজোঁটৰ চৰকাৰে এই প্ৰক্ৰিয়াৰ পৰিৱৰ্তন ঘটাই পিতৃ-মাতৃৰ মূল সম্পদ ল’ৰা-ছোৱালীক পঢ়া শুনা কৰিবলৈ স্কুল, কলেজত বিনামূলীয়াকৈ নাম ভৰ্তি, বিনামূলীয়া কিতাপ বিতৰণ, উজ্বলা আঁচনি, অটল অমৃত যোজনা, প্ৰধান মন্ত্ৰী ধন জন আঁচনি সমূহৰ লগতে অনাগত দিনত ৬০ উৰ্দ্ধৰ সকলো বৃদ্ধয়ে পেঞ্চন লাভ কৰিব বুলি মন্তব্য কৰে মন্ত্ৰী শৰ্মাই।

তেওঁ লগতে কংগ্ৰেছৰ দিনত কাজিৰঙাত কিয় ইমান গঁড় মৰিছিল, চোৰাং চিকাৰীৰ বিৰুদ্ধে কি ব্যৱস্থা গ্ৰহন কৰিছিল, চোৰাং চিকাৰীবোৰটো কংগ্ৰেছ বা বিজেপি দলৰ নহয় বুলি প্ৰশ্ন উত্থাপন কৰি কংগ্ৰেছক কটাক্ষ কৰা দেখা যায়। কিন্তু এতিয়া আমি উক্ত ব্যৱস্থাটোৰ বৃহৎ পৰিৱৰ্তন সাধন কৰা বুলিও দাবী কৰা পৰিলক্ষিত হয়।

1aa02588-c1a8-4063-bd97-aa0692517391
ফটো : নৰ্থ-ইষ্ট নাও

উল্লেখযোগ্য যে আজি মন্ত্ৰী গৰাকীয়ে গড়মূৰ-চলচলি-চাপানলাৰ প্ৰায় সাত কিলোমিটাৰ পথ, আৰু ভোটাই গাঁৱত এখন পকী দলঙৰ আধাৰশিলা স্থাপন কৰে।

আনহাতে আজিৰ এই অনুষ্ঠানত প্ৰাক্তন মুখ্য মন্ত্ৰী প্ৰফুল্ল কুমাৰ মহন্ত, খুমটাই সমষ্টিৰ বিধায়ক মৃণাল শইকীয়া, নগাঁও সদৰ সমষ্টিৰ বিধায়ক ৰূপক শৰ্মা, অগপ নেত্ৰী জয়শ্ৰী মহন্ত, কলিয়াবৰ জিলাৰ বিজেপিৰ সভাপতি অনিল শইকীয়া, নগাঁও জিলাৰ জিলা উপায়ুক্ত, আৰক্ষী অধীক্ষকে ধৰি গড়কাপ্তানী বিভাগৰ মুখ্য অভিযন্তা, অভিযন্তা সকল উপস্থিত থাকে।