NORTHEAST NOW (Assamese)
Popular Stories

মাৰ্ঘেৰিটা মাইচাংপানীত বুঢ়ীদিহিং নদীত গা ধুবলৈ গৈ দুই শিশুৰ মৃত্যু

Posted by: মানস প্ৰতিম গগৈ October 7, 2018 6:38 pm
Dead body

তিনিচুকীয়া জিলাৰ মাৰ্ঘেৰিটাৰ ইনথেম গাঁও পঞ্চায়তৰ অন্তৰ্গত মাইচাং পানীত আজি সংঘটিত এক কৰোণ ঘটনাই সমগ্ৰ অঞ্চলটোতে শোকৰ ছাঁ পেলাইছে।

প্ৰাপ্ত তথ্য মতে বুঢ়ীদিহিং নদীত গা ধুবলৈ গৈ আজি দুটি শিশুৰ সলিল সমাধি ঘটাৰ লগতে আন এজনৰ কোনো মতে প্ৰাণ ৰক্ষা পৰে। নিহত শিশুদুটিৰ মৃতদেহ ইতিমধ্য স্থানীয় গাঁওবাসীয়ে উদ্ধাৰ কৰিছে, তেওঁলোকক উক্ত গাঁৱৰে চুনচুনি সোণোৱাল (৭) আৰু বিৰাজ সোণোৱাল (৪) বুলি চিনাক্ত কৰা হৈছে।

ঘটনাৰ বিৱৰণি অনুসৰি আজি দুপৰীয়া বুঢ়ীদিহিং নদীত ৫ জন শিশু চেমনীয়া গা ধুবলৈ গৈছিল। ইয়াৰে ৩ জন নদীত সাতুৰি থকা অৱস্থাত হঠাতে ডুব যায়।

পিছত গাওঁবসীয়ে এই কথা গম পাই ইয়াৰে সুৰভি সোণোৱাল নামৰ ৯ বছৰীয়া শিশুটিক জীৱন্ত অৱস্থাত উদ্ধাৰ কৰিবলৈ সক্ষম হয় যদিও চুনচুনি আৰু বিৰাজৰ নদীতে মৃত্যু হয়।