NORTHEAST NOW (Assamese)
অসম

ডিব্ৰুগড়ত ৪০ গ্ৰাম ব্ৰাউন ছুগাৰসহ ড্ৰাগছৰ কাৰবাৰী আটক

Posted by: অভীক চক্ৰবৰ্তী May 4, 2018 9:55 pm
drug

শুকুৰবাৰে ডিব্ৰুগড়ৰ ভিক্টৰী উচ্চতম মাধ্যমিক বিদ্যালয়ৰ সমীপত ড্ৰাগছসহ এজন লোকক গ্ৰোপ্তাৰ কৰে ডিব্ৰুগড় আৰক্ষীয়ে। এই ড্ৰাগছখিনি ব্ৰাউন ছুগাৰ বুলি সন্দেহ কৰা হৈছে।

আটকাধীন লোকজনক ডিব্ৰুগড়ৰ দিব্য বৰা বুলি চিনাক্ত কৰা হৈছে।

আৰক্ষীয়ে প্ৰকাশ কৰিছে যে উক্ত লোকজনৰ হাতত ৪০ গ্ৰাম ব্ৰাউন ছুগাৰ থকাৰ কথা বিশেষ সূত্ৰৰ পৰা জানিব পাৰিছিল।

ডিব্ৰুগড় আৰক্ষী থানাৰ এগৰাকী আৰক্ষী বিষয়াই জনাইছে যে ড্ৰাগছসহ ধৰা পৰা লোকজনক মাদক আৰু নিচাযুক্ত ঔষধ আইন- ১৯৮৫ৰ অধীনত গ্ৰেপ্তাৰ কৰা হৈছে।

উল্লেখ্য যে ডিব্ৰুগড় আৰক্ষীয়ে ড্ৰাগছৰ কাৰবাৰীৰ বিৰূদ্ধে এক অভিযান চলাই ভালেকেইজন ড্ৰাগছ ঊ্যৱসায়ীক গ্ৰেপ্তাৰ কৰিছে।