NORTHEAST NOW (Assamese)
অসম

তিনিচুকীয়া জিলাৰ ছৈখোৱাত সংঘটিত পথ দুৰ্ঘটনাত এগৰাকী মহিলা নিহত

Posted by: এন ই নাও নিউজ May 4, 2018 9:27 pm
দুৰ্ঘটনা

ছৈখোৱাৰ ড০ ভূপেন হাজৰিকা সেঁতু সংযোগী পথত আজি বিয়লি সংঘটিত এক পথ দুৰ্ঘটনাত এগৰাকী মহিলা ঠিতাতে নিহত হয়।

উল্লেখযোগ্য যে শদিয়াৰ পদুমফুলা গাঁৱৰ বক্ষ বুঢ়াগোহাঁই (২৭) নামৰ লোকজনে ছৈখোৱা অঞ্চলৰ আঢ়মূৰীয়া গাঁৱৰ শহুৰেকৰ ঘৰৰ পৰা পত্নী আৰু ৪বছৰীয়া সন্তান সহ বাইকেৰে নিজ গৃহলৈ গৈ আছিল। তেনে সময়তে তীব্ৰ বেগেৰে আহি থকা এখন ডাম্পাৰে পিছফালৰ পৰা খুন্দা মৰাত নমিতা সোণোৱাল বুঢ়াগোহাঁই নামৰ মহিলাগৰাকী থিতাতে নিহত হয়।

ইফালে মহিলা গৰাকীৰ স্বামী আৰু তেওঁলোকৰ চাৰি বছৰীয়া সন্তানটি দুৰ্ঘটনাটোৰ ফলত গুৰুতৰভাৱে আহত হয়।

আনহাতে দুৰ্ঘটনা সংঘটিত কৰি এ এছ ০৬ বি চি ২৩৬৩ নম্বৰৰ ডাম্পাৰখনে ঘটনাস্থলীৰ পৰা পলায়ন কৰে যদিও আৰক্ষীয়ে অৱশেষত ডাম্পাৰখন জব্দ কৰিবলৈ সক্ষম হয়।