NORTHEAST NOW (Assamese)

ডিব্ৰুগড়ৰ চাচনিত ৰাজপুটানা ৰাইফলছৰ মুকলি সভাগৃহ নিৰ্মাণ

March 18, 2018 9:56 pm · অভিক চক্ৰৱৰ্তী

সদভাৱনা অভিযানৰ অংশ হিচাপে ৰাজপুটানা ৰাইফলছৰ ৯ নং বেটেলিয়নে ডাও ডিভিজনৰ সহযোগত আজি ডিব্ৰুগড় জিলাৰ চাচনি গাৱঁত স্থানীয় লোকসকলৰ বোবে এটা মুকলি সভাগৃহ নিৰ্মাণ কৰে।

চাচনি তথা ইয়াৰ দাঁতিকাষৰীয়া গাৱঁৰ লোকসকলে যাতে বিভিন্ন সামাজিক, সাংস্কৃতিক আৰু ধৰ্মীয় অনুষ্ঠান আয়োজন কৰিব পাৰে সেই উদ্দেশ্যে উক্ত সভা গৃহটো নিৰ্মাণ কৰা হৈছে।

আজিৰ এই কাৰ্যসূচী অসমত সেনাই হাতত লৈ অহা বিভিন্ন উন্নয়নমূলক কৰ্মসূচীৰ এক অংশ বুলি উল্লেখ কৰি তেওঁলোকে ভৱিষ্যতে আৰু অধিক এনে কাৰ্যসূচী হাতত ল’ব বুলি উল্লেখ কৰে।

বিগত সময়ত ডাও ডিভিজনে সদভাৱনা অভিযানৰ অধীনত অনেক কাৰ্যসূচী অনুষ্ঠিত কৰিছে যিসমূহে স্থানীয় লোকসকলৰ পৰা যথেষ্ট ভাল সহাঁৰি লাভ কৰিবলৈ সক্ষম হৈছে।

Related News