ডিব্ৰুগড়ৰ পিছত বোকাখাতত ‘গুণ্ডামি’ বিজেপি নেতাৰ, এজাহাৰ দাখিল ‘প্ৰয়াস অধ্যয়ন চক্ৰ’ৰ

ডিব্ৰুগড়ৰ পিছত এইবাৰ বোকাখাতত বিজেপি নেতাৰ বিৰুদ্ধে উঠিছে গুণ্ডামিৰ অভিযোগ। হেমচন্দ্ৰ পানিকা নামৰ বিজেপি ( BJP ) নেতাজনৰ বিৰুদ্ধে গুণ্ডাগিৰিৰ অভিযোগত ‘প্ৰয়াস অধ্যয়ন চক্ৰ’ নামৰ সংগঠন এটাই বোকাখাত থানাত এজাহাৰ দাখিল কৰিছে।
অধ্যয়ন চক্ৰটোৰ সম্পাদক সোণেশ্বৰ নৰহক প্ৰাণে মৰাৰ ভাবুকি দিয়া বুলি বিজেপি নেতাজনৰ বিৰুদ্ধে অভিযোগ উত্থাপিত হৈছে।
নৰহে সংবাদ মাধ্যমক জনোৱা অনুসৰি বিজেপিৰ নেতাজনৰ গুণ্ডাবাহিনীয়ে সংগঠনটোৰ নামত আবণ্টিত চৰকাৰী ভূমিত লগোৱা ফলক উঠাই লৈ গৈছে।
উল্লেখযোগ্য যে ডিব্ৰুগড়ৰ অসম চিকিৎসা মহাবিদ্যালয়ৰ মহিলা সুৰক্ষা কৰ্মী এগৰাকীক শাৰিৰীকভাৱে আক্ৰমণ কৰি যোৱা ২ মে’ত সুদামা পান্দে নামৰ বিজেপিৰ এজন ৱাৰ্ড কমিছনাৰ গ্ৰেপ্তাৰ হৈছিল।