NORTHEAST NOW (Assamese)
অসম

মহানগৰীৰ জু-ৰ’ডৰ এটা অট্টালিকাত ভয়ংকৰ অগ্নিকাণ্ড; আবদ্ধ বৃদ্ধক উদ্ধাৰ; চলি আছে নিৰ্বাপণৰ চেষ্টা

Posted by: এন ই নাও নিউজ June 24, 2018 6:35 pm
CityFire

আজি বিয়লি ৪:৫০ মিনিটত মহানগৰীৰ জু-ৰ’ডৰ নাৰ্ছাৰীত থকা এটা অট্টালিকাৰ ছাদত জুইৰ সূত্ৰপাত হয়। এতিয়া পৰিস্থিতি সম্পূৰ্ণ নিয়ন্ত্ৰণাধীন বুলি জানিব পৰা গৈছে।

জানিব পৰামতে, নিৰ্বাণ টাৱাৰ নামৰ অট্টালিকাটোত থকা কৰিমছ নামৰ ৰেষ্টুৰেণ্খটনৰ ওপৰ মহলা অৰ্থাৎ তৃতীয় মহলাত এই জুইৰ সূত্ৰপাত ঘটে।

অগ্নিকাণ্ড সংঘটিত হোৱা অট্টালিকাটোৰ পঞ্চম মহলাত প্ৰশান্ত দত্ত নামৰ এজন বৃদ্ধ লোক প্ৰায় ৪৫ মিনিট সময় আবদ্ধ হৈ পৰিছিল যদিও ৰাজ্যিক দুৰ্য্যোগ প্ৰশমন বাহিনী (SDRF)ৰ কৰ্মী উপস্থিত হৈ খিৰিকী ভাঙি অট্টালিকাটোত প্ৰৱেশ তৎপৰতাৰে বৃদ্ধজনক উদ্ধাৰ কৰিছে।

জনামতে, প্ৰশান্ত দত্ত নামৰ বৃদ্ধলোকজন শিৱসাগৰৰ পৰা চিকিৎসাৰ বাবে গুৱাহাটীলৈ আহি তাত আছিল। তেওঁ আঘাত পোৱা নাই যদিও ভয় খোৱা বাবে সাধাৰণৰ চিকিৎসাৰ বাবে দিচপুৰ হস্পিটেললৈ নিয়া হয়।

আনহাতে স্থানীয় লোকে এই অট্টালিকাৰ গৰাকী ইন্দ্ৰ কলিতা নামৰ হাউছিং ব’ৰ্ডৰ আয়ুক্ত এগৰাকী বুলি জানিবলৈ দিয়ে। আৰক্ষী আৰু স্থানীয় লোকে জুই লগাৰ কাৰণ হিচাপে শ্বৰ্ট চাৰ্কিটেই হ’ব পাৰে বুলি সন্দেহ প্ৰকাশ কৰিছে। জুই লগাৰ ফলত কেইবা লাখ টকাৰ সা-সম্পত্তিৰ ক্ষতি হোৱাৰ সম্ভাৱনা ব্যক্ত কৰিছে সূত্ৰটোৱে।