NORTHEAST NOW (Assamese)
অসম

একালৰ মহন্তৰ ঘনিষ্ঠ কমলা কলিতাৰ মতে অগপক ভালপোৱা কোনো সদস্যই দল এৰি নাযায়

Posted by: দীপজ্যোতি শৰ্মা Updated by: দীপজ্যোতি শৰ্মা August 7, 2020 10:07 am
IMG_20200807_085625

আগন্তুক বিধান সভা নিৰ্বাচনৰ পূৰ্বে ৰাজ্যত আছুৰ অথবা অন্যান্য দল সংগঠনৰ নেতৃত্বত গঠন হব লগা আঞ্চলিক ৰাজনৈতিক দলত অগপৰ বৰ্তমানৰ বিধায়ক তথা অগপৰ কোনো কোনো নেতা নতুন দলত যোগদান কৰাৰ কুচকাৱাচ চলি থকা সময়তে  অসম গণপৰিষদক ভালপোৱা অথবা অগপ বিশ্বাসী কোনো সদস্যই নতুন আঞ্চলিক দলত যোগদান নকৰে বুলি প্ৰকাশ কৰে অগপৰ সাধৰণ সম্পাদক ডাঃ কমলা কলিতাই।

একালৰ প্ৰফুল্ল মহন্তৰ অতিকৈ বিশ্বাসী ডাঃ কমলা কলিতাই নৰ্থ ইষ্ট নাওৰ সৈতে হোৱা সাক্ষাৎকাৰত কয়, “নতুন দলত অসম গণ পৰিষদক ভালপোৱা বিশ্বাসী কোনো সদস্য অগপ ত্যাগ নকৰে। অগপ এৰা অথবা অগপৰ পৰা বহিস্কৃত হোৱা তেনে ব্যক্তি কাৰোবাৰ সৈতে যোগাযোগ কৰিব পাৰে অথবা নতুন দলত যোগ দিব পাৰে।”

গণতান্ত্রিক দেশ এখনত ৰাজনৈতিক দল খোলাৰ বাবে সকলোৰে অধিকাৰ আছে বুলি উল্লেখ কৰি কলিতাই কয়, “অসমতো বহু কেইটা ৰাজনৈতিক দল খোলাৰ কুচকাৱাচ চলিছে। এই ক্ষেত্ৰত সকলোৱে নিজৰ নিজৰ কি এজেণ্ডা লৈ খুলিছে সেয়া সময়ত গম পাম। আঞ্চলিক ৰাজনৈতিক দল এটা থকাৰ পিছত আকৌ অসমত আঞ্চলিক ৰাজনৈতিক দল খোলাটো ৰাইজে কিদৰে গ্ৰহণ কৰিব সেয়া বিচাৰ কৰিব।”

ইফালে ৰাজ্যত আঞ্চলিক দল অসম গণ পৰিষদ থকাৰ পিছত আকৌ আঞ্চলিক দল কাৰ স্বাৰ্থত খোলা হব বা কাৰ লাভালাভৰ বাবে খোলা হব সেয়া সময়ত মুকলি হব বুলি ব্যক্ত কৰে কলিতাই ৷

নতুন আঞ্চলিক দল খোলাৰ কথাটোত বিশেষ গুৰুত্ব দিয়া নাই বুলি উল্লেখ কৰি কলিতাই কয়, “এই ক্ষেত্ৰত অসম গণ পৰিষদৰ কোনো কৰ্মী দুৰ্বল হব বুলি অনুভৱ কৰা নাই।‘’

অসমত নতুন কৈ গঠিত হব লগা কোনো ৰাজনৈতিক দলে অগপক কোনো  ক্ষেত্ৰতে ক্ষতি কৰিব নোৱাৰে বুলি নৰ্থ ইষ্ট নাওৰ সৈতে হোৱা সাক্ষাৎকাৰত ব্যক্ত কৰে কলিতাই ৷

আনহাতে, খাদী গ্ৰামোদ্যোগ ব’ৰ্ডে কৰ’নাৰ সংকটৰ বাবে দিয়া লকডাউনত প্ৰতি মাহে প্ৰায় ১০ লাখ টকাৰ ৰাজহ হেৰুৱাইছে ৷ যাৰ ফলত বহুখিনি লোকচানৰ সন্মুখীন হোৱা বুলি জানিব দিয়ে খাদী গ্ৰামোদ্যোগ ব’ৰ্ডৰ অধ্যক্ষ ডাঃ কমলা কলিতাই ৷

ইপিনে এইবাৰ স্বাধীনতা দিৱসৰ বাবে খাদী গ্ৰামোদ্যোগ ব’ৰ্ডে প্ৰায় ১২ লাখ টকাৰ ৰাষ্ট্ৰীয় পতাকা মজুত কৰি ৰাখিছে বুলি জানিব দিয়ে কলিতাই ৷