NORTHEAST NOW (Assamese)
অসম

কিয় ছেপ্টেম্বৰলৈকে নাগালেণ্ডত নিষিদ্ধ কৰা হ’ল সুৰক্ষা বাহিনীৰ প্ৰৱেশ?

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ August 7, 2020 9:35 am
A-deserted-street-in-Dimapur-after-2pm-on-Tuesday.-1140x570

অহা ছেপ্টেম্বৰলৈকে ৰাজ্যখনত বাহিৰৰ পৰা সুৰক্ষা বাহিনীৰ লোকৰ প্ৰৱেশ বৃহস্পতিবাৰে নিষিদ্ধ কৰিছে নাগালেণ্ডে।

ৰাজ্যখনত সেনা বাহিনীৰ লোকৰ মাজত কৰ’না ভাইৰাছৰ সংক্ৰমণ বৃদ্ধি পোৱাৰ বাবে এই সিদ্ধান্ত গ্ৰহণ কৰা হৈছে।

নাগালেণ্ডত কোভিড-১৯ত আক্ৰান্তৰ ভিতৰত ৪০শতাংশতকৈয়ো অধিক হৈছে সশস্ত্ৰ বাহিনীৰ লোক।

শেহতীয়াভাৱে ৰাজ্যখনত বৃদ্ধি পোৱা কোভিড-১৯ৰ সংক্ৰমণৰ ঘটনাত বৃহৎসংখ্যক সামৰৰিক তথা অৰ্দ্ধ সামৰিক বাহিনীৰ মাজত সংঘটিত হৈছে।

তেওঁলোকৰ চলাচল নিয়ন্ত্ৰণ নকৰাৰ ফলতেই এনেদৰে সংক্ৰমণ বৃদ্ধি পোৱা বুলি কোৱা হৈছে।

বৃহস্পতিবাৰে নাগালেণ্ডত চিনাক্ত হোৱা ২৫৮০গৰাকী কোভিড-১৯ পজিটিভৰ ভিতৰত ১,১১৭গৰাকীয়েই হৈছে সামৰিক/অৰ্দ্ধ সামৰিক বাহিনীৰ লোক।

ইয়াৰ বাহিৰে ১,০৪৮গৰাকী হৈছে বাহিৰৰ পৰা ৰাজ্যলৈ অহা লোক, ১৮২গৰাকী কোভিড সেৱাৰ কৰ্মী, ১৮০গৰাকী কোভিড ৰোগীৰ সংস্পৰ্শলৈ অহা লোক আৰু বাকী ৫৩গৰাকী আন লোক।

এক বৃহৎ সংখ্যক জোৱানৰ কোভিড-১৯ পজিটিভ চিনাক্ত হোৱালৈ চাই নাগালেণ্ডৰ অৰ্দ্ধ সামৰিক বাহিনীয়ে সাৱধানতামূলক ব্যৱস্থা লোৱাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে আৰু ৰাজ্যৰ বাহিৰৰ পৰা তেওঁলোকৰ বিষয়া অহাটো বন্ধ কৰিছে।

ৰাজ্যখনৰ গৃহ সচিব অভিজিৎ সিনহাই এই কথা সদৰী কৰিছে।

সশস্ত্ৰ বাহিনীৰ পজিটিভ চিনাক্ত লোকসকলক তেওঁলোকৰ সংশ্লিষ্ট য়ুনিট হাস্পাতলসমূহত চিকিৎসা আগবঢ়াই থকা হৈছে।

সূত্ৰসমূহে কয় যে আছাম ৰাইফলছ, বিএছএফ আৰু চিআৰপিএফৰ মহা পৰিদৰ্শকে ইয়াৰ পূৰ্বে তেওঁলোকৰ বাহিনীসমূহৰ চলাচল নিয়ন্ত্ৰণ কৰাৰ সিদ্ধান্তটো ৰাজ্য চৰকাৰক জনাইছে।

মেঘালয়ে ইতিমধ্যে সুৰক্ষা বাহিনীৰ চলাচল নিয়্ন্ত্ৰণ কৰিছে আৰু মিজোৰামে বাহিনীসমূহৰ চলাচল নিষিদ্ধ কৰিছে।