NORTHEAST NOW (Assamese)
অসম

কলিয়াবৰত শৌচাগাৰ নিৰ্মাণত ব্যাপক দুৰ্নীতি; দুদিনতে খহিছে ৰডবিহীন গাঁথনি

Posted by: ৰিদিপ শৰ্মা Updated by: ৰিদিপ শৰ্মা May 31, 2019 6:17 pm
IHHL Scam Kaliabor

স্বচ্ছ ভাৰত অভিযানৰ অধীনত কেন্দ্ৰীয় চৰকাৰে প্ৰতিঘৰ দুখীয়া মানুহক বিনামূলীয়াকৈ শৌচাগাৰ নিৰ্মাণ কৰি দিয়াৰ আঁচনি লৈছে যদিও দুৰ্নীতি-অনিয়মে এতিয়া আঁচনিখনৰ উদ্দেশ্যকে ব্যৰ্থ কৰাৰ উপক্ৰম হৈছে।

১২ হাজাৰ টকাৰে নিৰ্মাণ কৰিব লগীয়া শৌচাগাৰত মলত্যাগ কৰোতে বহিবলৈও নোজোৰা হোৱাৰ লগতে কিছুমান শৌচাগাৰ নিৰ্মাণৰ কেইদিন মানতে ভাগি পৰা দেখা গৈছে। ফলত মানুহ পুনৰ মুকলিত মলত্যাগৰ পুৰণি অভ্যাসলৈ ঘূৰি যাবলৈ বাধ্য হৈছে।

ৰাজ্যখনৰ বিভিন্ন ঠাইৰ এনে দুৰ্নীতিৰ খবৰ সংবাদ মাধ্যমত প্ৰকাশ হৈ থকাৰ মাজতে কলিয়াবৰতো ঠিকাদাৰে শৌচাগাৰৰ ধন কুক্ষিগত কৰাৰ অভিযোগ উঠিছে।

IHHL Scam Kaliabor_2
ঠিকাদাৰে শৌচালয় নিৰ্মাণৰ বাবে লোৱা ভেটিৰ দৃশ্য। ফটো : ৰিদিপ শৰ্মা।

অভিযোগ মতে, অঞ্চলটোত মণ্টু নাথ নামৰ ঠিকাদাৰজনে নিৰ্মাণ কৰা শৌচাগাৰসমূহ তেনেই নিম্নমানৰ। শৌচাগাৰ নিৰ্মাণৰ নামত লুণ্ঠন চলোৱাৰ অভিযোগ আনিছে স্থানীয় ৰাইজ আৰু হিতাধিকাৰীসকলে।

কলিয়াবৰৰ মাজ পূবথৰীয়া গাঁও পঞ্চায়ত এলেকাৰ ২ নং বিহডুবি গাঁৱৰ এজন হিতাধিকাৰীয়ে কয় যে তেওঁলোকৰ শৌচাগাৰ এডালো ৰড ব্যৱহাৰ নকৰাকৈ নিম্ন মানৰ ইটা-বালি-চিমেণ্ট ব্যৱহাৰ কৰি নিৰ্মাণ কৰিছে ঠিকাদাৰে।

ঠিকাদাৰজনে, চৰকাৰী আঁচনিৰ ধন সৰহভাগেই কুক্ষিগত কৰি গাঁৱৰ দুখীয়া, অশিক্ষিত লোকক ঠগি মাত্ৰ পাঁচ ইঞ্চি ফাউনডেইশ্যন দি মাটিৰ ওপৰতে নিৰ্মাণ কৰিছে এটাৰ পিচত আনটো শৌচাগাৰ। ফলত এজাক বতাহতে এই শৌচাগাৰবোৰ খহি পৰাৰ শংকাত ভুগিছে হিতাধিকাৰীসকল।

অভিযোগমতে, ঠিকাদাৰ মণ্টু নাথৰ কলিয়াবৰৰ জনস্বাস্থ্য কাৰিকৰী বিভাগৰ বিষয়া-অভিযন্তাৰে গোপন বুজাবুজি থকা বাবেই এইদৰে লুণ্ঠনৰাজ চলাবলৈ সুবিধা পাইছে।

ৰাইজে আৰু সংবাদ মাধ্যমে ঠিকাদাৰজনৰ এই লুণ্ঠনৰ কথা পোহৰলৈ অনা সত্ত্বেও বিভাগে কোনো ব্যৱস্থা নোলোৱাৰ আঁৰতো চৰকাৰী বিভাগৰে তেওঁৰ সনা-পিটিকা বুলি স্থানীয় ৰাইজৰ দাবী।

কেৱল কলিয়াবৰতে নহয়, সমগ্ৰ ৰাজ্যতে এই আঁচনিত ব্যাপক দুৰ্নীতি হৈ আহিছে। যোৱা এবছৰমানৰ পূৰ্বে চৰকাৰী শৌচালয় নিৰ্মাণৰ নামত এনে আভুৱা ভাঁৰা কামক আঙুলিয়াই গোলাঘাটৰ এজন কিশোৰে প্ৰধান মন্ত্ৰী মোদী আৰু মুখ্য মন্ত্ৰী সোণোৱালক অশালীন ভাষাৰে গালি পাৰিছিল এটা ভিডিঅ’ৰ জৰিয়তে।

কিশোৰজনক পিছত আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিলে, কিন্তু দুৰ্নীতিবোৰ আঁতৰ নহ’ল।