NORTHEAST NOW (Assamese)
অসম

আজি বিশ্ব ধঁপাত বিৰোধী দিৱস; ৰাজ্যত ভয়াবহ ৰূপত বৃদ্ধি পাইছে ধঁপাত সেৱন কৰা লোকৰ সংখ্যা

Posted by: ভৱেশ মেধি Updated by: ভৱেশ মেধি May 31, 2019 5:28 pm
AssamTobaccouse

আজি বিশ্ব ধঁপাত বিৰোধী দিৱস। প্ৰতিবছৰে  ৩১ মে’ত দেশ তথা ৰাজ্যত ধঁপাত সেৱনৰ অপকাৰিতা আৰু ধঁপাতৰ পৰা  হোৱা কৰ্কটৰ দৰে দুৰাৰোগ্য ৰোগৰ বিৰুদ্ধে মানুহৰ মাজত সজাগতা সৃষ্টি কৰাৰ প্ৰয়াস কৰি অহা হৈছে যদিও দেশ তথা ৰাজ্যত মানুহৰ মাজত ধঁপাত সেৱনৰ প্ৰৱণতা বৃদ্ধিহে পাই আহিছে।

চৰকাৰী তথ্য মতে, দেশৰ মুঠ জনসংখ্যাৰ  ২৮.৬ শতাংশ মানুহে ধঁপাত সেৱন কৰে। ইয়াৰ বিপৰীতে অসমত ৪৮.২ শতাংশ মানুহে ধঁপাত সেৱন কৰে। অৰ্থ্যাৎ ৰাজ্যত ধঁপাত সেৱনৰ পৰিমান ৰাষ্ট্ৰীয় হাৰতকৈ যথেষ্ট বেছি। যাৰ বাবে ৰাজ্যত ধঁপাত সেৱনৰ পৰা হোৱা কৰ্কট ৰোগীৰ সংখ্যা ক্ৰমাগতভাৱে বৃদ্ধি পাইছে।

উত্তৰ-পূৰ্বাঞ্চলৰ অন্যতম কৰ্কট ৰোগ চিকিৎসা প্ৰতিষ্ঠান ডাঃ বি বৰুৱা কৰ্কট ৰোগ প্ৰতিষ্ঠানৰ তথ্য মতে প্ৰতিষ্ঠানখনলৈ উত্তৰ পূৰ্বাঞ্চলৰ পৰা বছৰি গড় ৩৯,০০০ গৰাকী কৰ্কট ৰোগী চিকিৎসাৰ বাবে আহে। ইয়াৰে ২৯,৯৬২ গৰাকী ৰাজ্যৰ বিভিন্ন অঞ্চলৰ পৰা অহা।

আনহাতে, প্ৰতিষ্ঠানখনলৈ  কৰ্কট ৰোগৰ  চিকিৎসা কৰিব অহা মুঠ কৰ্কট ৰোগীৰ ভিতৰত ৬০ শতাংশ লোকৰ  কৰ্কট ৰোগ ধঁপাত সেৱনৰ ফলত হোৱা।

তদুপৰি, অন্য ৰাজ্যৰ ক্ষেত্ৰত চিকিৎসালয়খনলৈ চিকিৎসা কৰিব অহা ধঁপাত সেৱনৰ পৰা হোৱা কৰ্কট ৰোগীৰ ভিতৰত মেঘালয় আৰু ত্ৰিপুৰাৰ পৰা অহা ৰোগীৰ সংখ্যা সৰ্বাধিক। নেশ্যনেল কেন্সাৰ ৰেজিষ্ট্ৰী প্ৰ’গ্ৰামৰ তথ্য মতে, ৰাজ্যৰ ভিতৰত কামৰূপ (মেট্ৰ’) জিলাত ধঁপাত জাতীয় সামগ্ৰী সেৱনৰ ফলত কৰ্কট ৰোগত আক্ৰান্ত হোৱা ৰোগীৰ সংখ্যা সৰ্বাধিক।

কামৰূপ (মেট্ৰ’) জিলাৰ ৪৯.৭ শতাংশ পুৰুষ আৰু ২৫.৭ শতাংশ মহিলা ধঁপাত সেৱন কৰাৰ ফলত কৰ্কট ৰোগৰ চিকাৰ হয় বুলি তথ্যত প্ৰাকাশ পাইছে।

গ্লোৱেল এডভাঞ্চ টৱেকো ছাৰ্ভে  চমুকৈ  জি এ টি এছ ৰ তথ্য মতে ৰাজ্যৰ ৩৪.৯  শতাংশ লোকে ধোঁৱাবিহীন ধঁপাত সেৱন কৰে। আকৌ ৬.৫ শতাংশ লোকে ধোৱাযুক্ত ধঁপাত সেৱন কৰে। ৬.৮ শতাংশ লোকে দুয়োবিধ ধঁপাত সেৱন কৰে।

জি এ টি এছৰ তথ্যত প্ৰকাশ পোৱা মতে, ৰাজ্যত মানুহৰ মাজত ধঁপাত সেৱনৰ প্ৰৱনতা ক্ৰমে বৃদ্ধি পাবলৈ ধৰিছে। বিশেষকৈ মানুহৰ মাজত ধোৱাবিহীন ধঁপাত  যেনে-চাধা, গুটখা, পানমচলা আদি সেৱনৰ প্ৰৱনতা দ্ৰুতহাৰত বৃদ্ধি পাইছে।

তথ্য মতে, ২০০৯-১০ চনত ৰাজ্যত ৩৯.৩ শতাংশ লোকে ধঁপাত সেৱন কৰাৰ বিপৰীতে ২০১৬-১৭ চনত ৰাজ্যত মানুহৰ মাজত ধঁপাত সেৱনৰ পৰিমাণ ৪৮.২ শতাংশলৈ বৃদ্ধি হৈছে।

২০০৯-১০ চনত ৰাজ্যত ৩২.৭ শতাংশ মানুহে ধোঁৱাবিহীন ধঁপাত সেৱন কৰাৰ বিপৰীতে ২০১৬-১৭ চনত ৰাজ্যত মানুহৰ মাজত ধোঁৱাবিহীন ধঁপাত সেৱনৰ পৰিমাণ ৪১.৭ শতাংশলৈ বৃদ্ধি হৈছে। অৰ্থ্যাৎ  ছয় বছৰত ৰাজ্যত ধোঁৱাবিহীন ধঁপাত সেৱনৰ পৰিমাণ ৯ শতাংশলৈ বৃদ্ধি হৈছে।

ৰাজ্যত ১৫ বছৰৰ পৰা ২৪ বছৰৰ লোকৰ ৯.১ শতাংশই  ধোঁৱাযুক্ত ধঁপাত সেৱন কৰাৰ বিপৰীতে ২১.৭ শতাংশ লোকে ধোঁৱাবিহীন ধঁপাত সেৱন কৰে।  ২৫ বছৰৰ পৰা ৪৪ বছৰৰ লোকৰ ১৪.১ শতাংশই  ধোঁৱাযুক্ত ধঁপাত সেৱন কৰাৰ বিপৰীতে ৪৬.২ শতাংশ লোকে ধোঁৱাবিহীন ধঁপাত সেৱন কৰে।

ৰাজ্যত ৪৫ বছৰৰ পৰা ৬৪ বছৰৰ লোকৰ ১৬.৮ শতাংশই  ধোঁৱাযুক্ত ধঁপাত সেৱন কৰাৰ বিপৰীতে ৫৬.৬ শতাংশ লোকে ধোঁৱাবিহীন ধঁপাত সেৱন কৰে। ৰাজ্যৰ ৬৫ বছৰৰ ওপৰৰ বয়সৰ লোকৰ ১৩.৬ শতাংশই  ধোঁৱাযুক্ত ধঁপাত সেৱন কৰাৰ বিপৰীতে ৪৬.৫ শতাংশ লোকে ধোঁৱাবিহীন ধঁপাত সেৱন কৰে।

ৰাজ্যত ৪১.৬ শতাংশ লোকে দৈনিক ধঁপাত সেৱন কৰে। তথ্য মতে, ২৩.১ শতাংশ মানুহে চাধা, ১৯ শতাংশ মানুহে চাধা আৰু তামোল,  ৮.৬ শতাংশ মানুহে বিড়ী, ৮.২ শতাংশ মানুহে গুটখা আৰু ৬.১ শতাংশ মানুহে চিগাৰেট সেৱন কৰে।

চৰকাৰকে ধৰি বিভিন্ন সামাজিক সংস্থাই ধঁপাত সেৱন ৰোধৰ বাবে বিভিন্ন ধৰণে প্ৰচাৰ কৰি থকাৰ সময়ত ৰাজ্যত ধঁপাত সেৱনৰ পৰিমাণ বৃদ্ধি হোৱাটো গভীৰ উদিগ্নতাৰ বিষয়।