NORTHEAST NOW (Assamese)
অসম

১০০ টকাকৈ দিম বুলি মুখ্যমন্ত্ৰী সভালৈ আনি টকা নিদিলে বিজেপি কৰ্মীয়ে

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী August 9, 2023 3:32 pm
১০০ টকাকৈ দিম বুলি মুখ্যমন্ত্ৰী সভালৈ আনি টকা নিদিলে বিজেপি কৰ্মীয়ে

যোৱা ৭ আগষ্টত ৰাষ্ট্ৰীয় হস্ততাঁত দিৱস উপলক্ষে কাজিৰঙাত উপস্থিত হৈছিল ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা। সভালৈ গ’লে ১০০ টকাকৈ দিম বুলি প্ৰতিশ্ৰুতি দি শ শ লোকক মুখ্যমন্ত্ৰীৰ সভালৈ আনিছিল বিজেপি নেতাই। কিন্তু প্ৰতিশ্ৰুতি অনুসৰি তেওঁলোকক বিজেপি নেতাই প্ৰদান নকৰিলে টকা।

টিকাফটা ৰ’দ আৰু তীব্ৰ গৰমত বহি মুখ্যমন্ত্ৰীৰ সভা শুনি হাত চাপৰি মৰাৰ পাছতো প্ৰতিশ্ৰুতি অনুসৰি পাবলগীয়া ধন নাপালে প্ৰায় ১৫শ মহিলাই৷ প্ৰতিশ্ৰুতি অনুসৰি গাইপতি ১০০ টকাকৈ হ’লে ১৫০০ মহিলাই পাব লাগে ডেৰ লাখ টকা৷

কিন্তু, বিজেপিয়ে এগৰাকী পালিনেতাৰ হতুৱাই টকা দিছে মাত্ৰ ১৪ হাজাৰ৷ ডেৰ লাখ টকাৰ বিপৰীতে ১৪ লাভ কৰি এতিয়া ক্ষোভত জ্বলি পকি উঠিছে এইসকল সাধাৰণ মহিলা।

অত্যাৱশ্যকীয় সামগ্ৰীৰ এই চৰা দামৰ সময়ত ১০০ টকা নো কিয় এৰিব বুলি প্ৰশ্ন কৰি যিসকলে দায়িত্ব লৈ আনিছিল তেওঁলোকক সম্প্ৰতি জবাবদিহি কৰিছে এতিয়া বঞ্চিত মহিলাসকলে৷ 

সূত্ৰ অনুসৰি, সভালৈ মানুহ অনাৰ বাবে কৃষিমন্ত্ৰী অতুল বৰাৰ পৰা তিনিটা ভাগত আঢ়ৈ লাখতকৈয়ো অধিক টকা আনিছিল একাংশ পালিনেতাই। কিন্তু সেই টকা পালি নেতা সকলে মহিলা সকল প্ৰদান নকৰি নিজৰ পকেটত ভৰোৱা কাৰ্যত এতি ক্ষোব্ধ হৈ পৰিছে দৰিদ্ৰ মহিলাসকল।