NORTHEAST NOW (Assamese)
অসম

সদৌ অসম কলিতা জনগোষ্ঠী ছাত্ৰ সন্থাৰ বাক্সা জিলা সমিতি গঠন

Posted by: দীপক কুমাৰ পাঠক June 24, 2018 6:44 pm

সদৌ অসম কলিতা জনগোষ্ঠী ছাত্ৰ সন্থাৰ বাক্সা জিলা সমিতি গঠন কৰা হৈছে।

প্ৰাণজিৎ কলিতাক সভাপতি আৰু পাৰ্থ প্ৰতিম বৰুৱাক সম্পাদক হিচাপে লৈ মুঠ ৩১ গৰাকী সদস্যৰে এই সমিতিখন গঠন কৰা হৈছে।

জিলা সমিতি গঠনৰ কাৰণে তামুলপুৰ জুনিয়ৰ কমাৰ্চ কলেজত যোৱা ২৩ জুনত অনুষ্ঠিত হোৱা সভাখনত সভাপতিত্ব কৰে সদৌ অসম কলিতা জনগোষ্ঠী ছাত্ৰ সন্থাৰ উপ সভাপতি সমৰজ্যোতি ডেকাই।

সদৌ অসম কলিতা জনগোষ্ঠী ছাত্ৰ সন্থাৰ অতিথি সম্পাদক ভাস্কৰ কলিতা, সাংগঠনিক সম্পাদক পাৰ্থ প্ৰতিম বৰুৱাকে ধৰি সংগঠনটোৰ অনেক বিষয়ববীয়া সভাখনত উপস্থিত আছিল।

উক্ত সভাখনতে সংগঠনটোৰ সদস্য ভৰ্তি অভিযানো আৰম্ভ কৰা হয়।