NORTHEAST NOW (Assamese)
অসম

পুনৰ আহ্বান সৰ্বাত্মক অসম বন্ধ

Posted by: অনিৰ্বাণ পাঠক Updated by: অনিৰ্বাণ পাঠক January 30, 2019 8:45 pm
assam Bandh

২০০৮ চনৰ ৩০ অক্টোবৰৰ ভয়াৱহ ধাৰাৱাহিক বোমা বিস্ফোৰণৰ ঘটনাত দোষী সাব্যস্ত কৰি এন ডি এফ বিৰ অধ্যক্ষ ৰঞ্জন দৈমাৰী আৰু ৯জন সতীৰ্থক যাৱজ্জীৱন কাৰাদণ্ড ঘোষণা কৰা আদালতৰ ৰায়ৰ প্ৰতিবাদত বৃহস্পতিবাৰে সৰ্বাত্মক অসম বন্ধ আহ্বান কৰিছে চৰকাৰৰ সৈতে আলোচনাৰত বিদ্ৰোহী সংগঠনটোৱে।

৩১ জানুৱাৰিৰ পুৱাৰ পৰা সন্ধিয়ালৈকে এন ডি এফ বিয়ে ১২ ঘন্টীয়া অসম বন্ধৰ আহ্বান জনাইছে। সংগঠনটোৰ সাধাৰণ সম্পাদক বি অঞ্জালুৱে স্বাক্ষৰ কৰা এক বিবৃতিযোগে এই কথা সংবাদ মাধ্যমক জানিবলৈ দিছে।

উল্লেখ্য যে, চি বি আইৰ বিশেষ ন্যায়াধীশৰ আদালতে বুধবাৰে ২০০৮ চনৰ ৩০ অক্টোবৰত গুৱাহাটীৰ গণেশগুৰি, পাণবজাৰ আৰু ফাঁচিবজাৰৰ লগতে বৰপেটাৰোড, বঙাইগাঁও আৰু কোকৰাঝাৰত বোমা বিষ্ফোৰণৰ ঘটনা সংঘটিত কৰাৰ অপৰাধত এন ডি এফ বি অধ্যক্ষ ৰঞ্জন দৈমাৰী ওৰফে ডি আৰ নাবলাকে উপৰিও আন ৯ জনক যাৱজ্জীৱন কাৰাদণ্ডৰ ৰায় দিছে।

সেই সকল হ’ল জৰ্জ বড়ো,  অজয় বসুমতাৰী,  ৰাজেন্দ্ৰ গয়াৰী,  আনচাই বড়ো,  খৰ্গেশ্বৰ বসুমতাৰী,  লখৰা বসুমতাৰী,  ইন্দ্ৰ ব্ৰহ্ম,  বৈশাগী বসুমতাৰী আৰু  ৰাজু সৰকাৰৰ। আনহাতে ৫বছৰকৈ কাৰাদণ্ডৰ লগতে ৩ হাজাৰ টকাৰ জৰিমনাৰ বিহিলে (১) জয়ন্তী ব্ৰহ্ম, (২) মথুৰাম ব্ৰহ্ম, (৩) প্ৰভাত বড়োক।

যোৱা ২৮ জানুৱাৰীত চি বি আইৰ বিশেষ ন্যায়াধীশৰ আদালতে ৩০ অক্টোবৰৰ ধাৰাবাহিক বোমা বিষ্ফোৰণৰ ঘটনাৰ চুড়ান্ত ৰায় দিছিল।

ইপিনে, আদালতৰ ৰায়ক লৈ সন্তুষ্ট নহয় ৰঞ্জন দৈমাৰীৰ ভগ্নী অঞ্জলী দৈমাৰীয়ো।

‘আমাক মাহী আইৰ দৃষ্টিৰে চোৱা হৈছে। আজি আদালতৰ মজিয়াটো সেইটো প্ৰমাণিত হ’ল। অসমত বহু বিদ্ৰোহী সংগঠন আছে আৰু তেওঁলোকো বিভিন্ন হত্যা হিংসাত জড়িত। কিন্তু তেওঁলোকৰ বিৰূদ্ধে এনে শাস্তি ঘোষণা হোৱা নাই’।

সকলোৰে বাবে শাস্তি একেই হ’ব লাগে বুলিও তেওঁ দাবী উত্থাপন কৰে। অন্যথা জাতি-জনগোষ্ঠীৰ মাজত বিভাজনৰ মনোভাৱৰ সৃষ্টি হ’ব বুলিও তেওঁ কয়। লগতে ৰঞ্জন দৈমাৰীৰ বিৰূদ্ধে এই ৰায়ৰ পাছত কেন্দ্ৰীয় চৰকাৰৰ সৈতে চলি থকা এন ডি এফ বিৰ শান্তি আলোচনা ব্যাহত হোৱাৰো আশংকা ব্যক্ত কৰে অঞ্জলী দৈমাৰীয়ে।