NORTHEAST NOW (Assamese)

ডিব্ৰুগড় নগৰৰ পৰা আজি দুই গভাইত চোৰ আটক

March 3, 2018 11:02 pm · অভিক চক্ৰৱৰ্তী

ডিব্ৰুগড় নগৰত সংঘটিত অলংকাৰ চুৰিৰ কেইবাটাও ঘটনাৰ সৈতে জড়িত দুই গভাইত চোৰক আজি ডিব্ৰুগড় আৰক্ষীয়ে আটক কৰে।

আৰক্ষীয়ে জনোৱা মতে ধৃত দীলিপ বালমিকি নামৰ প্ৰথমটো চোৰক  ডিব্ৰুগড় আৰক্ষী চকীত ৰুজু হৈ থকা ৬৬৫/২০১৬ য়ু/এছ ৩৮০ গোচৰৰ অধীনত গ্ৰেপ্তাৰ কৰা হয়। তেওঁ দুবছৰ পূৰ্বে ডিব্ৰুগড়ৰ মহালয়া পথত অৱস্থিত অংকিত বাৰ্মা নামৰ চি এ জনৰ ঘৰত সংঘটিত চুৰি কাৰ্যৰ সৈতে জড়িত বুলি আৰক্ষীয়ে জনায়।

আৰক্ষীৰ মতে চোৰটোৰ পৰা তেওঁলোকে এতিয়ালৈকে কিছু পৰিমাণৰ অলংকাৰ আৰু এটা মোবাইল ফোন উদ্ধাৰ কৰিছে। চোৰটোৱে জনোৱা মতে সি ৰাজাৱাস, নটৰাজ, লিট’ল পেলেচ, চি কাউণ্ট্ৰি, স্কাই চেফ (শিৱসাগৰ) আদি বিভিন্ন হোটেলত কাৰিকৰ হিচাপে কাম কৰিছিল।

আনহাতে আৰক্ষীয়ে আটক কৰা আনটো হৈছে ৰকিবুল আলী ওৰফে গেণ্ডা।  ১৪৭/২০১৮ইউ/এছ ৪৫৭/৩৮০ গোচৰৰ অধীনত আটক কৰা ৰকিবুলৰ পৰা কিছু পৰিমাণৰ অলংকাৰ উদ্ধাৰ কৰা হয়।

আৰক্ষীয়ে এই সন্দৰ্ভত বাকী চুৰি হোৱা অলংকাৰ উদ্ধাৰৰ বাবে অভিযনা অব্যাহত ৰাখিছে বুলি জানিব পৰা গৈছে।

Related News