NORTHEAST NOW (Assamese)
অসম

ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ নতুন উপাচাৰ্যৰ দায়িত্বভাৰ গ্ৰহণ অধ্যাপক ৰঞ্জিত তামুলীৰ

Posted by: অভিক চক্ৰবৰ্তী July 18, 2018 6:01 pm
j-1-570x320

আজি ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ উপাচাৰ্যৰ কাৰ্যভাৰ গ্ৰহণ কৰিছে অধ্যাপক ৰঞ্জিত তামুলীয়ে।

এটা গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানত বিদায়ী উপাচাৰ্য অধ্যাপক অলক কে বুঢ়াগোহাঞিয়ে আনুষ্ঠানিকভাৱে অধ্যাপক তামুলীক দায়িত্বভাৰ অৰ্পণ কৰে।

বিশ্ববিদ্যালয়খনৰ উপাচাৰ্যৰ কাৰ্যালয়ত পঞ্জীয়ক অধ্যাপক এম এন দত্তৰ উপস্থিতিত দায়িত্বভাৰ অৰ্পণৰ কাৰ্যসূচী অনুষ্ঠিত কৰা হয়।

উপাচাৰ্যৰ দায়িত্বভাৰ গ্ৰহণ কৰা উপলক্ষে ডীনছ অব স্কুলছ, পৰীক্ষা নিয়ন্ত্ৰক, যুটীয়া পঞ্জীয়ক, যুটীয়া নিয়ন্ত্ৰক, বিশ্ববিদ্যালয়খনৰ বিষয়া সন্থা আৰু কৰ্মচাৰী সন্থাই  অধ্যাপক তামুলীক সম্বৰ্ধনা জনায়।

উল্লেখ্য যে ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ উপাচাৰ্য হিচাপে যোগ দিয়াৰ পূৰ্বে অধ্যাপক ৰঞ্জিত তামুলীয়ে অৰুণাচলৰ ৰাজীৱ গান্ধী বিশ্ববিদ্যালয়ৰ পৰীক্ষা নিয়ন্ত্ৰক আৰু ভাৰপ্ৰাপ্ত পঞ্জীয়কৰ দায়িত্বত আছিল।