NORTHEAST NOW (Assamese)
অসম

গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত ৩য় বৰ্গৰ কাম চলাইছে ৪ৰ্থ বৰ্গৰ কৰ্মচাৰীয়ে

Posted by: অনিৰ্বাণ পাঠক July 18, 2018 6:17 pm
GMCH assam

নতুন নতুন চিকিৎসা মহাবিদ্যালয় মুকলিৰে স্বাস্থ্য মন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই অসমৰ ৰাজহুৱা স্বাস্থ্য খণ্ডত বৈপ্লৱিক পৰিৱৰ্তন আনিব খোজা বুলি দাবী কৰি অহাৰ বিপৰীতে অসমকে ধৰি উত্তৰ-পূবৰ লাখ লাখ সাধাৰণ মানুহৰ উন্নত চিকিৎসাৰ প্ৰধান থলী গুৱাহাটী চিকিৎসা মহাবিদ্যালয় আৰু চিকিৎসালয়ত ৪ৰ্থ বৰ্গৰ কৰ্মচাৰীয়ে চলাইছে ৩য় বৰ্গৰ কাম।

অসমৰ স্বাস্থ্য বিভাগে উদ্ভাৱন কৰা এক চমকপ্ৰদ শ্ৰমিক শোষণকাৰী নীতি পোহৰলৈ আহিছে নৰ্থ ইষ্ট নাও-ৰ চৰজমিন অনুসন্ধানত।

‘তৃতীয় বৰ্গৰ কৰ্মচাৰীৰ সংখ্যা কম হোৱা হেতুকে চতুৰ্থ বৰ্গত নিযুক্ত প্ৰায় ৮০ জন অৰ্হতাসম্পন্ন কৰ্মচাৰীয়ে কাম কৰে তৃতীয় বৰ্গৰ,’ নৰ্থ ইষ্ট নাও-ৰ আগত এগৰাকী কৰ্মচাৰীৰ মন্তব্য।

উত্তৰ-পূবৰ অতি ব্যস্ত এই চিকিৎসালয়খনত স্থায়ী কৰ্মচাৰীৰ বিপৰীতে অস্থায়ী ঠিকাভিত্তিক কৰ্মচাৰীৰেই কাম সামৰাৰ মনোবৃত্তি লৈছে চৰকাৰ তথা চিকিৎসালয় পৰিচালনা সমিতিয়ে।

চাকৰি যোৱাৰ ভয়ত কোনো কৰ্মচাৰীয়েই নিজৰ নাম প্ৰকাশ কৰিব নুখুজিলেও স্বাস্থ্য বিভাগৰ এই নীতিৰ ফলত স্পষ্ট হৈ পৰিছে যে ৪ৰ্থ বৰ্গৰ কৰ্মচাৰী একোজনক ৪ৰ্থ বৰ্গৰ হাৰতে দৰমহা দি ৰাখি ৩য় বৰ্গৰ কাম চলাই থকা হৈছে।

‘যোৱা প্ৰায় ৭ বছৰ ধৰি চতুৰ্থ বৰ্গৰ কোনো কৰ্মচাৰীকে যোগ্যতা থাকিলেও তৃতীয় বৰ্গলৈ পদোন্নতি দিয়া নাই,’ নৰ্থ ইষ্ট নাও-ক জনালে এগৰাকী কৰ্মচাৰীয়ে।

জানিব পৰা মতে বৰ্তমান চিকিৎসালয়খনত ১১০ গৰাকী তৃতীয় বৰ্গৰ কৰ্মচাৰী আছে আৰু ইয়াৰ বিপৰীতে চতুৰ্থ বৰ্গৰ কৰ্মচাৰীৰ সংখ্যা ৪৫০ গৰাকী।

নৰ্থ ইষ্ট নাও-ৰ অনুসন্ধানত এই কথাও পোহৰলৈ আহে যে চিকিৎসালয়খনৰ পঞ্জীয়ন কক্ষ, অপাৰে’শ্যন থিয়েটাৰ, ফাৰ্মাচি, establishment, হিচাপকে ধৰি বহুকেইটা বিভাগত তৃতীয় বৰ্গত পদ খালি থকাৰ পাছতো পদোন্নতিৰ ব্যৱস্থা কৰা নাই স্বাস্থ্য বিভাগে।

অসম চৰকাৰৰ নিয়ম অনুসৰি পদোন্নতিৰ লগতে পাব লগা বিভিন্ন ভাট্টাৰ পৰাও বছৰ বছৰ ধৰি বঞ্চিত হৈ আহিছে ৰাইজৰ সেৱাত নিয়োজিত এইসকল কৰ্মচাৰী।

আনহাতে চিকিৎসা সেৱা ‘জৰুৰী আৰু ক্ষতিশংকাবহনকাৰী’ হোৱাৰ বাবে চৰকাৰী নিয়ম অনুসৰি চিকিৎসালয়ৰ কৰ্মচাৰীসকলৰ বাবে আগবঢ়োৱা বিশেষ ভাট্টা আৰু অন্যান্য সা-সুবিধাও গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ৰ কৰ্মচাৰীৰ ক্ষেত্ৰত অন্তৰ্ধান হৈছে।

‘আগতে আমি দুৰ্যোগ ভাট্টা (Hazard Allowance) পাইছিলো। কিন্তু এতিয়া সেই ভাট্টা বন্ধ কৰি দিলে। ৰোগীক চোৱাচিতা কৰাৰ বাবে পোৱা ভাট্টা (Patient Care Allowance)ও বন্ধ হৈ আছে,’ নাম প্ৰকাশ কৰিব নোখোজা এগৰাকী কৰ্মচাৰীয়ে নৰ্থ ইষ্ট নাও-ক জানিবলৈ দিয়ে।

ইপিনে চৰকাৰী চিকিৎসালয়ৰ কৰ্মী হোৱাৰ পাছতো তেওঁলোকৰ নিজৰ বা পৰিয়ালৰ সদস্যৰ বেমাৰ-আজাৰ হ’লে তেওঁলোকৰ বাবে নাই বিশেষ চিকিৎসা সুবিধা। ‘কৰ্মচাৰীসকলৰ বাবে এটা ‘sick room’ আগতে আছিল। কিন্তু পিছত সেইটো সৰ্বসাধাৰণৰ বাবে মুকলি কৰি দিয়া হয়,’ নৰ্থ ইষ্ট নাও-ৰ আগত কৰ্মচাৰীৰ মন্তব্য।

কৰ্মচাৰীসকলে লগতে অভিযোগ কৰে যে ৰোগী অনুপাতে চিকিৎসালয়খনত কৰ্মচাৰীৰ সংখ্যা কম তেওঁলোক প্ৰাপ্য ছুটীৰ পৰাও বঞ্চিত হৈছে।

উত্তৰ-পূৰ্বাঞ্চলৰ প্ৰাণকেন্দ্ৰ গুৱাহাটীৰ প্ৰধান চিকিৎসালয়খনতে কৰ্মচাৰীৰ এই জোৰা-টাপলিয়ে ৰাজ্যৰ চিকিৎসা খণ্ডৰ কি ছবি দাঙি ধৰিছে?

চিকিৎসক বাদেই ৩য়, ৪ৰ্থ বৰ্গৰ কৰ্মচাৰীৰে এই নাটনিৰ মাজত নতুন নতুন চিকিৎসালয়ে ৰাজ্যৰ ৰাজহুৱা স্বাস্থ্য খণ্ডলৈ উন্নতি আনিবনে?

কি ক’ব স্বাস্থ্য মন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই?