NORTHEAST NOW (Assamese)
অসম

অক্সিজেনৰ পৰিমান হ্ৰাস; মহানগৰীৰ দীঘলী পুখুৰীত শ শ মাছৰ মৃত্যুৰ কাৰণ উদ্ঘাটন!

Posted by: কল্পজ্যোতি শইকীয়া Updated by: কল্পজ্যোতি শইকীয়া June 27, 2021 12:10 pm
WhatsApp Image 2021-06-27 at 11.11.44 AM

পানীত অক্সিজেনৰ পৰিমাণ কমাৰ বাবেই দীঘলী পুখুৰীত অস্বাভাৱিক হাৰত শ-শ মাছৰ মৃত্যু ঘটা বুলি দাবী কৰিছে মীন বিভাগৰ সঞ্চালক ধ্ৰুৱজ্যোতি শৰ্মাই।

তেওঁ কয় যে পানীত দ্ৰৱীভূত অক্সিজেনৰ পৰিমাণ ৫-১০ TPM  থাকিব লাগে যদিও দীঘলীপুখুৰীৰ পানীত অক্সিজেনৰ পৰিমাণ আছে মাত্ৰ ২ TPM।

দেওবাৰে পুৱা মাছৰ মৃত্যুৰ খবৰ লাভ কৰাৰ পাছতেই ঘটনাস্থলীত উপস্থিত হয় মীন বিষয়াৰ দল।

লকডাউনৰ ফলত দীৰ্ঘদিন ধৰি পানীত নাও নচলোৱা বাবে পানীত অক্সিজেনৰ পৰিমাণ হ্ৰাস পোৱা বুলি দাবী কৰে মীন বিষয়াৰ দলটোৱে।

এতিয়া SDRF বাহিনীয়ে পানীখিনিত অক্সিজেন বৃদ্ধিৰ বাবে চেষ্টা চলাইছে আৰু ইয়াৰ ফলত কিছু পৰিমাণে অক্সিজেনৰ মাত্ৰা বৃদ্ধি হোৱা বুলি কোৱা হৈছে।

বিষক্ৰিয়াৰ ফলত মাছৰ মৃত্যু হোৱা নাই বুলি বিশেষজ্ঞৰই দাবী কৰিছে।

উল্লেখ্য যে আজি পুৱাৰ ভাগত ঐতিহাসিক দীঘলী পুখুৰীত বিভিন্ন প্ৰজাতিৰ মাছৰ মৃত্যু হৈ ওপঙি থকা দেখা পোৱা গৈছিল।