আপুনিও পাব নেকি অৰুণোদয় আঁচনিৰ সুবিধা? সদনত কি জনালে মন্ত্ৰী হিমন্তই?

অহা ২ অক্টোবৰৰ পৰা আৰম্ভ হ’বলগীয়া অৰুণোদয় আঁচনিৰ সুবিধা আপুনিও লাভ কৰিব পাৰে।
মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই বিধানসভা অধিবেশনৰ দ্বিতীয় দিনা সদনৰ মজিয়াত দিয়া ভাষণত অৰুণোদয় আঁচনি সন্দৰ্ভত বিতংকৈ বক্তব্য ৰাখে।
তেওঁ জনোৱা মতে জনসাধাৰণে কেইটামান চৰ্ত সাপেক্ষে লাভ কৰিব এই অৰুণোদয় আঁচনিৰ সুবিধা।
মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই নিৰ্ধাৰণ কৰি দিয়া চৰ্ত সমূহ হ’ল :
* হিতাধিকাৰী দুখীয়া হ’ব লাগিব। হিতাধিকাৰীৰ ঘৰত কোনো এগৰাকী হ’লেও দিব্যাংগ অথবা, বিধৱা, অবিবাহিত বা বিবাহ বিচ্ছেদ হোৱা মহিলা থাকিব লাগিব। এইসকল থাকিলেও যদি কোনো চৰকাৰৰ অধীনত কাম কৰা চাকৰিয়াল থাকে তেন্তে অৰুণোদয় আঁচনিৰ সুবিধা লাভ নকৰে।
* দুখীয়া হ’লেও মাটি ১৫ বিঘাতকৈ কম থাকিব লাগিব। বছৰি আয় ২ লাখতকৈ কম হ’ব লাগিব।
* চাৰিচকীয়া বাহন, ফ্ৰীজ আৰু ট্ৰেক্টৰ থকা লোকে এই সুবিধা লাভ নকৰে।
তদুপৰি, অহা ১৫ ছেপ্টেম্বৰৰ ভিতৰত হিতাধিকাৰীক চিনাক্ত কৰি উলিওৱা হ’ব বুলি মন্ত্ৰীয়ে জনোৱাৰ লগতে ভুৱা হিতাধিকাৰীৰ বিৰুদ্ধে প্ৰশাসনে ব্যৱস্থা গ্ৰহণ কৰিব বুলিও তেওঁ জনায়।
এই আঁচনিৰ জৰিয়তে চাউল, চেনি, দাইল, প্ৰতিমাহে ৮৩০ টকাকৈ লাভ কৰাৰ উপৰিও পূজা, বিহু, প্ৰাকৃতিক দুৰ্যোগ বা শিক্ষাৰ্থীৰ নাম ভৰ্তিৰ সময়ত ১০০০ টকাকৈ লাভ কৰিব বুলি হিমন্তই জনায়।
অহা ১৫ চেপ্টেম্বৰৰ পৰা ৩০ ছেপ্টেম্বৰলৈকে প্র-পত্ৰ পূৰণৰ সময়সীমা নিৰ্ধাৰণ কৰা হৈছে বুলিও তেওঁ জানিবলৈ দিয়ে।
তেওঁ উল্লেখ কৰা মতে পৰিয়ালৰ এগৰাকী বিশেষ মহিলাহে এই আঁচনিৰ হিতাধিকাৰী হ’ব পাৰিব। অহা ২ নৱেম্বৰৰ পৰা প্ৰথম কিস্তিৰ ধন হিতাধিকাৰী মহিলাগৰাকীৰ একাউন্টত সোমাব।
ৰাজ্য চৰকাৰৰ আৰ্থিক অৱস্থা উন্নত হ’লে পৰ্যায়ক্ৰমে এই ধনৰ পৰিমাণ বৃদ্ধি কৰিব বুলিও মন্ত্ৰীয়ে জানিবলৈ দিয়ে।