NORTHEAST NOW (Assamese)
অসম

কিমান টকাৰ ধাৰ আছে বৰ্তমান ৮০০কোটি টকাৰ গৰাকী মহেন্দ্ৰ সিং ধোনীৰ?

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ September 1, 2020 12:28 pm
mahendra-singh-dhoni

চলিত বর্ষৰ মার্চ মাহলৈকে হিচাপ অনুসৰি ভাৰতীয় ক্ৰিকেট দলৰ প্ৰাক্তন অধিনায়ক মহেন্দ্ৰ সিং ধোনীৰ আনুমানিক সম্পত্তিৰ পৰিমান হৈছে ৮০০কোটি টকা। কিন্তু তেওঁৰ কিমান টকাৰ ধাৰ আছে?

শুনিবলৈ আমোদজনক যেন লাগিলেও টীম ইণ্ডিয়াৰ প্ৰাক্তন ‘কেপ্টেইন কুল’ৰ বজাৰত ধাৰ আছে ১৮০০ টকাৰ।

বাতৰি অনুসৰি, ধোনীৰ পৰা এই টকা পাবলগীয়া আছে ঝাৰখণ্ড ষ্টেট ক্ৰিকেট এছ’চিয়েশ্যনে।

যোৱা ৩০ আগষ্টত অনুষ্ঠিত অনলাইন জেনেৰেল মিটিঙৰ সময়ত ঝাৰখণ্ড ক্ৰিকেট সংস্থাই প্ৰকাশ কৰা ২০১৯-২০বৰ্ষৰ বাৰ্ষিক প্ৰতিবেদনত উল্লেখ কৰা মতে তেওঁলোকে ধোনীৰ পৰা এইখিনি ধন পাবলগীয়া আছে।

প্ৰকৃততে ধোনীয়ে আজীৱন সদস্য পদ গ্ৰহণৰ বাবে ক্ৰিকেট সংস্থাটোক দিয়া ১০হাজাৰ টকাৰ ১৮ শতাংশ জিএছটিৰ নামত ১৮০০ টকা ক্ৰিকেটাৰগৰাকীৰ পৰা সংস্থাটোৱে পাবলগীয়া আছে।

বাতৰি অনুসৰি, ৰাজ্যিক ক্ৰিকেট সংস্থাটোৰ সচিবগৰাকীয়ে এই প্ৰসংগত ধোনীৰ সৈতে কথা পাতিছে আৰু আজীৱন সদস্য পদ গ্ৰহণৰ বাবে দিয়া ধনৰ জিএছটি দিবলগীয়া থকাৰ কথাও অৱগত কৰিছে।

যোৱা জুলাই মাহত ঝাৰখণ্ড ষ্টেট ক্ৰিকেট এছ’চিয়েশ্যনৰ আজীৱন সদস্য পদ গ্ৰহণ কৰিছিল ধোনীয়ে। ধোনীৰ জন্মদিনৰ দুদিন পূৰ্বে ক্ৰিকেট সংস্থাটোৱে ধোনীক আজীৱন সদস্য পদ আগবঢ়াইছিল।