NORTHEAST NOW (Assamese)
অসম

‘উচ্চ অৰ্হতা নিম্ন পদৰ বাবে নহয়’, উচ্চ শিক্ষা লুকুৱাই ৰখাক লৈ ক্ষুব্ধ উচ্চতম ন্যায়ালয়

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী June 5, 2026 9:42 am
‘উচ্চ অৰ্হতা নিম্ন পদৰ বাবে নহয়’, উচ্চ শিক্ষা লুকুৱাই ৰখাক লৈ ক্ষুব্ধ উচ্চতম ন্যায়ালয়

উচ্চ শিক্ষাৰ অৰ্হতা থকা ব্যক্তিক এনে পদৰ বাবে নিৰ্বাচন কৰিব নোৱাৰিব যিটো পদ স্পষ্টভাৱে নিম্ন অৰ্হতা থকা প্ৰাৰ্থীৰ বাবে সংৰক্ষিত। বৃহস্পতিবাৰে উচ্চতম ন্যায়ালয়ে এই ৰায় দিয়ে।

ইয়াৰ লগতে উচ্চতম ন্যায়ালয়ে পৰ্যবেক্ষণ কৰে যে যদি কোনোবাই চাকৰি পাবলৈ নিজৰ উচ্চ শিক্ষাৰ সবিশেষ লুকুৱাই ৰাখে তেন্তে ইয়াৰ দ্বাৰা আন প্ৰকৃত যোগ্যতাসম্পন্ন (তুলনামূলকভাৱে নিম্ন যোগ্যতাসম্পন্ন) প্ৰাৰ্থীসকলক উচিত সুযোগৰ পৰা বঞ্চিত কৰা হয়। এই সন্দৰ্ভত মাদ্ৰাজ উচ্চ ন্যায়ালয়ৰ ৰায়ও বাতিল কৰিছে উচ্চতম ন্যায়ালয়ে।

বেংকত দশম শ্ৰেণীৰ শিক্ষাগত অৰ্হতাৰ বাবে সংৰক্ষিত পদৰ বাবে নিজৰ অৰ্হতা লুকুৱাই ৰখা স্নাতক এজনৰ আবেদন খাৰিজ কৰি উচ্চতম ন্যায়ালয়ে নিজৰ ৰায়দানত কয় যে, ‘এয়া অন্যায় আছিল আৰু বাছনি প্ৰক্ৰিয়াৰ নিৰপেক্ষতাক প্ৰভাৱিত কৰিছিল। কোনো প্ৰাৰ্থীয়ে উচ্চ শিক্ষাৰ অৰ্হতাৰ সহায় লৈ নিম্ন শিক্ষাৰ আবেদনকাৰীৰ বাবে বিশেষভাৱে সংৰক্ষিত চাকৰি লাভ কৰিব নোৱাৰে।”

উচ্চতম ন্যায়ালয়ে কয় যে কিছুমান চাকৰি কম যোগ্য লোকৰ বাবে সংৰক্ষিত কৰা হৈছে যাতে তেওঁলোকে চৰকাৰী নিযুক্তিত সমান সুযোগ পায়।

মন কৰিবলগীয়া যে দেশত চৰকাৰী চাকৰিৰ সামান্য সংখ্যক আসনৰ বাবে হাজাৰ হাজাৰ, কেতিয়াবা লাখ লাখ চাকৰি প্ৰাৰ্থীও পৰীক্ষাত অৱতীৰ্ণ হয়। এম এ, বি এড, আনকি পি এইচ ডি থকা লোকেও পিয়নৰ দৰে আৰু নিম্ন পদৰ বাবে পৰীক্ষাত অৱতীৰ্ণ হোৱাৰ উদাহৰণো আছে।

কোৱা বাহুল্য যে চাকৰিৰ সুযোগ সীমিত হোৱাৰ বাবেই এনে হৈছে। অৱশ্যে এই পৰিস্থিতি কেনেদৰে সমাধান হ’ব সেই কথা উল্লেখ কৰা নাই উচ্চতম ন্যায়ালয়ে।