NORTHEAST NOW (Assamese)
Popular Stories

কোভিড-১৯ ৰোগীৰ ক্ষেত্ৰত হাইড্ৰ’ক্সিক্লৰ’কুইনে ভাল ফলাফল দেখুৱা নাই

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ May 15, 2020 4:41 pm
hydroxychloroquine-750x375

মেলেৰিয়াৰ ঔষধ হাইড্ৰ’ক্সিক্লৰ’কুইন (Hydroxychloroquine)-এ কোভিড-১৯ আক্ৰান্ত ৰোগীসকলৰ ক্ষেত্ৰত বিশেষ ভাল ফল দেখুওৱা নাছিল।

বিশ্বৰ আগশাৰীৰ চিকিৎসা পত্ৰিকা BMJ-ত বৃহস্পতিবাৰে প্ৰকাশ পোৱা দুটা পৃথক লেখাত এই কথা প্ৰকাশ।

Reutersৰ এক প্ৰতিবেদন মতে চীনত কৰা এক পৰীক্ষাত ১৫০ গৰাকী কোভিড-১৯ ৰোগীক Hydroxychloroquine-ৰে চিকিৎসা কৰা হৈছিল, ইয়াত দেখা যাই যে তেওঁলোকে এই ঔষধেৰে চিকিৎসা নকৰোৱা ৰোগীৰ তুলনাত বিশেষ কোনো ভাল ফলাফল দেখুৱা নাই।

তদুপৰি মেলেৰিয়াৰ ঔষধ প্ৰয়োগ কৰা ৰোগীসকলৰ ক্ষেত্ৰত ঔষধটোৰ বেয়া প্ৰভাৱ পৰায়ো বেছিকৈ দেখা গৈছে।

আনহাতে ফ্ৰান্সত কৰা এক গৱেষনাত দেখা যায় যে উক্ত ঔষধে কোভিড-১৯ত চিকিৎসাধীনত হৈ অক্সিজেন ল’ব লগীয়া হোৱা ৰোগীসকলক ICU-ত ভৰ্তি হোৱা বা মৃত্যু হোৱাৰ পৰা বিশেষ ৰক্ষা নকৰে।

উল্লেখযোগ্য যে মেলেৰিয়াৰ ঔষধ হাইড্ৰ’ক্সিক্লৰ’কুইনক প্ৰথম অৱস্থাত ক’ৰ’না ভাইৰাছ বিৰোধী যুঁজখনৰ ‘গেম-চেঞ্জাৰ’ হিচাপে গণ্য কৰা হৈছিল।

ভাৰত বিশ্বৰ সৰ্বাধিক হাইড্ৰক্সিক্ল’ৰ’কুইন প্ৰস্তুতকাৰী দেশ। যোৱা এপ্ৰিলত আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পে এই দৰৱবিধ বিচাৰি ভাৰতক অনুৰোধ জনাইছিল।

ভাৰতে আমেৰিকা, ব্ৰাজিল আৰু ইজৰাইলৰ দৰে শক্তিশালী দেশক হাইড্ৰ’ক্সিক্লৰ’কুইন যোগান ধৰিছিল।