NORTHEAST NOW (Assamese)
দেশ

লখিমপুৰ খেৰী হিংসাত্মক ঘটনা: ফৰেনচিক ৰিপ’ৰ্টত প্ৰমাণিত আশীষ মিশ্ৰৰ বন্দুকেৰে কৰা গুলীবৰ্ষণৰ অভিযোগ

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী November 10, 2021 7:39 pm
Lakhimpur Kheri Case

উত্তৰ প্ৰদেশৰ লখিমপুৰ খেৰীত সংঘটিত হিংসাত্মক কাণ্ডৰ মূল অভিযুক্ত কেন্দ্ৰীয় গৃহ ৰাজ্য মন্ত্ৰী অজয় মিশ্ৰৰ পুত্ৰ আশীষ মিশ্ৰৰ পৰা জব্দ কৰা বন্দুকেৰে গুলীচালনা কৰা হৈছিল। ফৰেনচিক ৰিপ’ৰ্টত এই কথা পোহৰলৈ আহিছে।

অৱশ্যে, ৩ অক্টোবৰৰ লখিমপুৰ খেৰী হিংসাৰ সময় গুলী চালনা কৰা হৈছিল নে আন সময়ত গুলী চালনা কৰা হৈছিল সেই বিষয়ে নিশ্চিত হ’ব পৰা নাই ফৰেনচিক বিশেষজ্ঞ।

ফৰেনচিক চাইন্স লেবৰেটৰীয়ে জব্দ কৰা চাৰিটা ৰাইফলৰ বিশ্লেষণ কৰিছিল আৰু দেখিছিল যে ইয়াৰে আশীষ, আশীষৰ বন্ধু অংকিত দাস আৰু দাসৰ দেহৰক্ষী লতিফৰ বন্দুকৰ পৰা গুলী নিৰ্গত হৈছিল। দাসৰ সহযোগী সত্য প্ৰকাশৰ বন্দুক ওপৰত ফৰেনচিক ৰিপ’ৰ্টৰ ফলাফল বৰ্তমানলৈকে প্ৰকাশ পোৱা নাই।

“আশীষৰ ৰাইফলটো তেওঁৰ পৰিয়ালে বিশেষ তদন্ত কমিটিক হস্তান্তৰ কৰিছিল। জব্দ কৰা চাৰিওটা মাৰণাস্ত্ৰ বেলিষ্টিক পৰীক্ষাৰ বাবে ফৰেনচিক লেবৰটৰীলৈ প্ৰেৰণ কৰা হৈছিল। আমি এতিয়া প্ৰতিবেদনখন পাইছো, য’ত কোৱা হৈছে যে তিনিটা অস্ত্ৰৰ পৰা গুলী নিক্ষেপ কৰা হৈছিল। আমি প্ৰমাণ হিচাপে প্ৰতিবেদনখন আদালতত দাখিল কৰিম।”— এজন আৰক্ষী বিষয়াই সংবাদ মাধ্যমৰ আগত জনায়।

উল্লেখ্য যে খেৰী কাণ্ডৰ কেইবাজনো প্ৰত্যক্ষদৰ্শীয়ে অভিযোগ কৰিছিল যে ৩ অক্টোবৰৰ ঘটনাৰ সময়ত মন্ত্ৰীপুত্ৰৰ কনভয়ৰ পৰা গুলী চালনা কৰা হৈছিল। এতিয়া ফৰেনচিক ৰিপ’ৰ্টে এই অভিযোগৰ আংশিক প্ৰমাণ কৰা বুলি ক’ব পাৰি।

উচ্চতম ন্যায়ালয়ে মঙলবাৰে উত্তৰ প্ৰদেশ চৰকাৰক তদন্তৰ লেহেমীয়া অগ্ৰগতিৰ বাবে ককৰ্থনা কৰিছিল। উচ্চতম ন্যায়ালয়ৰ বিচাৰপীঠে অভিযুক্তক ৰক্ষা কৰাৰ বাবে প্ৰচেষ্টা চলোৱা হৈছে বুলিও সন্দেহ প্ৰকাশ কৰিছিল।

কৃষক নেতা আৰু বিৰোধী দলৰ সদস্যসকলে অজয় মিশ্ৰক তেওঁৰ পুত্ৰৰ হিংসাত্মক অপৰাধত জড়িত থকাৰ অভিযোগ থকা স্বত্বেও নিলম্বিত নকৰাৰ বাবে বিজেপিক সমালোচনা কৰি আহিছে।