NORTHEAST NOW (Assamese)
অসম

অসমত ১৩১৭ নতুন ক’ভিড আক্ৰান্ত, পজিটিভৰ হাৰ ৬.৪৬%

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ August 16, 2020 11:01 pm
642 persons test Covid19 positive in Assam on Saturday

১৩১৭গৰাকী ব্যক্তি অসমত দেওবাৰে ক’ভিড১৯ পজিটিভ চিনাক্ত হৈছে।

যোৱা কিছুদিনৰ তুলনাত পজিটিভৰ হাৰ কিছু বৃদ্ধি পাই ৬.৪৬ শতাংশ হৈছে।

যোৱা ২৪ ঘণ্টাত ২০,৩৬৭টা ক’ভিড টেষ্টত এইসকল ব্যক্তিক পজিটিভ পোৱা গৈছে।

শেহতীয়াকৈ পজিটিভ চিনাক্তসকলৰ ভিতৰত আছে কামৰূপ মহানগৰৰ ২৩৩, কাছাৰৰ ১৬১ আৰু ডিব্ৰুগড়ৰ ১৩৩গৰাকী ব্যক্তি।

স্বাস্থ্য মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই টুইটাৰত এই তথ্য সদৰী কৰিছে।

নতুনকৈ পজিটিভ চিনাক্তসকলক ধৰি অসমত সক্ৰিয় ৰোগীৰ সংখ্যা ২৩,৩৯৭লৈ বৃদ্ধি পাইছে।

ইপিনে আৰু সাতগৰাকী ক’ভিড ৰোগীৰ মৃত্যুক ধৰি অসমত দেওবাৰলৈকে মুঠ মৃতকৰ সংখ্যা ১৮৯লৈ বৃদ্ধি পাইছে।

বিপৰীতে এতিয়ালৈকে ৫৩,২৮৬গৰাকী ব্যক্তিয়ে অসমত এতিয়ালৈকে ক’ভিডৰ পৰা আৰোগ্য হৈ চিকিৎসালয় এৰিছে।

অসমত এতিয়ালৈকে চিনাক্ত মুঠ ক’ভিড আক্ৰান্তৰ সংখ্যা হৈছে ৭৬,৮৭৫ (।)

ইয়াৰে তিনিগৰাকী আন ঠাইলৈ স্থানান্তৰিত হৈছে।