NORTHEAST NOW (Assamese)
অসম

পঞ্চম শ্ৰেণী পৰ্য্যন্ত মাতৃভাষাত পাঠদান বাধ্যতামূলক হ’ব অসমত

Posted by: কল্পজ্যোতি শইকীয়া Updated by: কল্পজ্যোতি শইকীয়া August 16, 2020 10:42 pm
Mother tongue to be medium of instruction upto Class V in Assam schools

আগন্তুক শিক্ষা বৰ্ষৰ পৰা ৰাজ্যৰ প্ৰতিখন বিদ়্যালয়তে পঞ্চম শ্ৰেণী পৰ্যন্ত মাতৃভাষা মাধ্যমতে  পাঠদান কৰোৱাটো বাধ্যতামূলক হ’ব।

শিক্ষা মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই শনিবাৰে মৰিগাঁৱত স্বাধীনতা দিৱসৰ অনুষ্ঠানৰ ভাষণত এই কথা ঘোষণা কৰিছে।

আজি এক ভিডিঅ’যোগে টুইটাৰত সেই কথা জনাইছে শিক্ষা মন্ত্ৰীগৰাকীয়ে।

তেওঁ কয় “শীঘ্ৰে প্ৰতিগৰাকী শিক্ষাৰ্থীয়ে মাতৃভাষা অথবা স্থানীয়, আঞ্চলিক ভাষাটো পঞ্চম শ্ৰেণীলৈকে পাঠদান হ’ব।”

“ইংৰাজী মাধ্যমত ষষ্ঠ শ্ৰেণীৰ পৰাহে পাঠদান আৰম্ভ হ’ব” তেওঁ কয়।

ইয়াৰ লগতে দশম শ্ৰেণীলৈকে বিষয় হিচাপে অসমীয়া বিষয়টো পঢ়াতো অসমৰ সকলো বিদ্যালয়তে বাধ্যতামূলক হ’ব বুলিও তেওঁ ঘোষণা কৰে।

তেওঁ আৰু কয় “নতুন শিক্ষা নীতিৰ মতে প্ৰতিখন বিদ্যালয়তে পঞ্চম শ্ৰেণীলৈকে মাতৃভাষা মাধ্যমত শিক্ষাদান কৰোৱাৰ পৰামৰ্শ প্ৰদান কৰা হৈছে। ৰাজ্য চৰকাৰেও ৰাজ্যৰ প্ৰতিখন স্কুলত দশম শ্ৰেণীলৈকে অসমীয়া বাধ্যতামূলক বিষয় হিচাপে দাঙি ধৰাৰ নিৰ্ণয় ল’ব।”

ইয়াৰোপৰি ইংৰাজী মাধ্যমৰ বিদ্যালয়সমূহতো অসমীয়া অথবা অঞ্চলভেদে তিৱা, ৰাভা, মিছিং বা বড়ো ভাষা পঞ্চম শ্ৰেণীলৈকে পাঠদান কৰা হ’ব।

ৰাজ্য চৰকাৰৰ শিক্ষা বিভাগে অহা ডিচেম্বৰ-জানুৱাৰি মাহৰ পৰা এই নিয়ম আৰম্ভ কৰিব বুলি তেওঁ জনায়।