NORTHEAST NOW (Assamese)
অসম

অসমত ১৯২৯ নতুন ক’ভিড আৰোগ্য; সক্ৰিয় ৰোগী ২১,৪৬৮

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ August 16, 2020 11:20 pm
Covid19: 1586 persons discharged in Assam on Tuesday

১৯২৯গৰাকী ব্যক্তিয়ে অসমত দেওবাৰে ক’ভিড১৯ৰ পৰা আৰোগ্য হৈ চিকিৎসালয় এৰিছে।

এইসকল ব্যক্তিক ধৰি অসমত ক’ভিডৰ পৰা আৰোগ্য লাভ কৰা লোকৰ সংখ্যা ৫৫,২১৫লৈ বৃদ্ধি পাইছে।

অসমত বৰ্তমান সক্ৰিয় ৰোগীৰ সংখ্যা হৈছে ২১,৪৬৮ (।)

স্বাস্থ্য মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই টুইটাৰত এই তথ্য সদৰী কৰিছে।

আনহাতে যোৱা কিছুদিনৰ তুলনাত অসমত পজিটিভৰ হাৰ কিছু বৃদ্ধি পাই ৬.৪৬ শতাংশ হৈছে।

যোৱা ২৪ ঘণ্টাত ২০,৩৬৭টা ক’ভিড টেষ্টত ১৩১৭গৰাকী ব্যক্তিক পজিটিভ পোৱা গৈছে।

ইপিনে আৰু সাতগৰাকী ক’ভিড ৰোগীৰ মৃত্যুক ধৰি অসমত দেওবাৰলৈকে মুঠ মৃতকৰ সংখ্যা ১৮৯লৈ বৃদ্ধি পাইছে।

অসমত এতিয়ালৈকে চিনাক্ত মুঠ ক’ভিড আক্ৰান্তৰ সংখ্যা হৈছে ৭৬,৮৭৫ (।)

ইয়াৰে তিনিগৰাকী আন ঠাইলৈ স্থানান্তৰিত হৈছে।