NORTHEAST NOW (Assamese)
অসম

মাংস ভক্ষণকাৰী বেক্টেৰিয়া! সংক্ৰমণৰ ৪৮ ঘণ্টাৰ ভিতৰতে মৃত্যু, জাপানত আতংক

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী June 18, 2024 3:07 pm

মাংস ভক্ষণকাৰী বেক্টেৰিয়া। এবাৰ ইয়াৰ নিয়ন্ত্ৰণত আহিলে ৪৮ ঘণ্টাৰ ভিতৰতে মৃত্যু! এনে এক ভয়ানক অনুজীৱ (Bacteria) জাপানত পোৱা গৈছে। জনা যায় যে পঞ্চাশ বছৰৰ ওপৰৰ লোক এই বেক্টেৰিয়াত আক্ৰান্ত হোৱাৰ সম্ভাৱনা বেছি। দেশখনত যোৱা ২ জুনৰ পৰা ইতিমধ্যে ১০০০ জনতকৈয়ো অধিক লোক আক্ৰান্ত হৈছে! এই হাৰত সংক্ৰমণ ঘটিলে চলিত বছৰতে আক্ৰান্তৰ সংখ্যা ২,৫০০ অতিক্ৰম কৰাৰ সম্ভাৱনা আছে।

কিন্তু এয়া প্ৰথমবাৰৰ বাবে নহয়। এই বেক্টেৰিয়াই জাপানত ইয়াৰ পূৰ্বেও আতংক বিয়পাইছিল। ১৯৯৯ চনৰ পৰা এই বেক্টেৰিয়া আৰু ষ্ট্ৰেপ্ট’ক’কেল টক্সিক শ্বক চিণ্ড্ৰম বা এছ টি এছ নামৰ ৰোগটোৰ বিষয়ে সকলোৱে জানে। যোৱা বছৰ ৯৪১ জন লোক ইয়াত আক্ৰান্ত হৈছিল। কিন্তু এইবাৰ ইতিমধ্যে এই সংখ্যা বেছি। ফলত আতংক বাঢ়িছে।

গ্ৰুপ এ ষ্ট্ৰেপ্ট’ক’কাছ বা GAS নামৰ এই বেক্টেৰিয়াই সাধাৰণতে শিশুৰ ডিঙি ফুলা আৰু ডিঙিৰ বিষৰ দৰে লক্ষণ দেখা দিয়ে। কিন্তু ইয়াৰ মাজতে কোনো কোনো অনুজীৱে শীঘ্ৰে শৰীৰৰ অধিক অৱনতি ঘটাব পাৰে। ফলত শৰীৰৰ বিষ, জ্বৰ, ৰক্তচাপ হ্ৰাস আদি লক্ষণ দেখা দিব পাৰে।

লগতে পঢ়কঃ বিৰল স্নায়ুজনিত ৰোগ, কাণেৰে নুশুনা হৈছে অলকা য়াগনিকে! গায়িকাৰ পোষ্ট দেখি স্তম্ভিত অনুৰাগী

তাৰ পৰাই আৰম্ভ হয় উশাহ-নিশাহৰ কষ্ট। ইয়াৰ পিছত অংগ বিকল হৈ ক্ৰমান্বয়ে মৃত্যু ঘটে। টোকিয়ে কয় যে“বেছিভাগ মৃত্যু ৪৮ ঘণ্টাৰ ভিতৰতে হয়। কোনো ৰোগীয়ে হয়তো ভৰিৰ পতা ফুলা লক্ষ্য কৰিব পাৰে। দুপৰীয়ালৈকে ই আঁঠুলৈকে উজাব পাৰে। ৪৮ ঘণ্টাত সকলো শেষ।”

তেওঁৰ মতে, এইবাৰ জাপানত আক্ৰান্তৰ সংখ্যা ২৫০০ হ’ব পাৰে। এই ৰোগত মৃত্যুৰ হাৰো যথেষ্ট বেছি। প্ৰায় ৩০ শতাংশ।

ইয়াৰ পৰা পৰিত্ৰাণ কেনেকৈ পোৱা যাব? কিকুচিয়ে কয় যে হাত দুখন পৰিষ্কাৰ কৰি ৰাখিব লাগে। যিকোনো খোলা ঘা হ’লে তৎক্ষণাত চিকিৎসা কৰিব লাগে। তেওঁৰ মতে, ৰোগীৰ অন্ত্ৰত এই বেক্টেৰিয়া থাকিব পাৰে। ইয়াৰ পিছত তাৰ পৰাই হাতৰ জৰিয়তে দ্ৰুত মুখত সোমাব পাৰে।

লগতে পঢ়কঃমন্থৰ হৈছে পৃথিৱীৰ আভ্যন্তৰীণ কেন্দ্ৰৰ আৱৰ্তনৰ গতি; দিন-ৰাতিৰ সময়ত ডাঙৰ পৰিৱৰ্তন?

কেৱল জাপানেই নহয়, শেহতীয়াকৈ আন কেইবাখনো দেশত এই বেক্টেৰিয়া পোৱা গৈছে। ইউৰোপৰ কমেও পাঁচখন দেশে ২০২২ চনত বিশ্ব স্বাস্থ্য সংস্থাক গ্ৰুপ এ ষ্ট্ৰেপ্ট’ক’কাছৰ উপস্থিতিৰ বিষয়ে জনাইছিল। বিশ্ব স্বাস্থ্য সংস্থাৰ তথ্য অনুসৰি কোভিড নিষেধাজ্ঞা প্ৰত্যাহাৰ কৰাৰ পিছৰে পৰা এই বেক্টেৰিয়াৰ প্ৰাদুৰ্ভাৱ বৃদ্ধি হোৱাটো লক্ষ্য কৰা হৈছে।