NORTHEAST NOW (Assamese)
অসম

প্ৰাক্তন আই পি এছ বিষয়া ৰঞ্জিত কুমাৰ পাচনন্দাক মুখ্য মন্ত্ৰীৰ নিৰাপত্তা উপদেষ্টা নিযুক্তি

Posted by: এন ই নাও নিউজ January 10, 2019 12:19 pm
sh-r-k-pachnanda-ips

ৰাজ্য চৰকাৰে ৯ জানুৱাৰিত মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ নিৰাপত্তা উপদেষ্টা হিচাপে নিযুক্তি দিয়ে ৰঞ্জিত কুমাৰ পাচনন্দাক । ৰঞ্জিত কুমাৰ পাচনন্দা পশ্চিমবংগ কেডাৰৰ প্ৰাক্তন আই পি এছ বিষয়া তথা ভাৰত-তিব্বত সীমান্ত আৰক্ষীৰ প্ৰাক্তন সঞ্চালকপ্ৰধান। 

দিনে দিনে ৰাজ্যৰ পৰিস্থিতি বেয়াৰ ফালে গতি কৰা আৰু মুখ্য মন্ত্ৰীৰ নিৰাপত্তাৰ দিশটো চোৱা-চিতা কৰাৰ বাবে ৰাজ্য চৰকাৰে ততাতৈয়াকৈ পশ্চিমবংগ কেডাৰৰ প্ৰাক্তন আৰক্ষী বিষয়াগৰাকীক মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ নিৰাপত্তা উপদেষ্টা হিচাপে নিযুক্তি দিয়া হৈছে।

উল্লেখযোগ্য যে নাগৰিকত্ব সংশোধনী বিধেয়কখন লোকসভাত গৃহীত হোৱাৰ পাছতে মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱালে অসমৰ দল-সংগঠন তথা সৰ্বসাধাৰণ ৰাইজৰ বিক্ষোভ আৰু ক’লা পতাকাৰ সন্মুখীন হোৱা হেতুকে ৰাজ্য চৰকাৰে এই সিদ্ধান্ত গ্ৰহণ কৰে। 

ৰাজ্য চৰকাৰে গ্ৰহণ কৰা এনে কাৰ্যই এক বিশেষ তাৎপৰ্যপূৰ্ণ ঘটনা হিচাপে পৰিগণিত হোৱা পৰিলক্ষিত হৈছে।