NORTHEAST NOW (Assamese)
অসম

বঙাইগাঁৱৰ শ’লমাৰিত বন বিভাগৰ দলে জব্দ কৰে এটা কাঠফলা মিলসহ অবৈধ কাঠৰ কুণ্ডা

Posted by: ইয়াছিন আলী Updated by: ইয়াছিন আলী February 11, 2021 7:31 am
index.jpg1

বুধবাৰে আবেলি বঙাইগাঁও জিলাৰ আই বনসংমণ্ডৰ অন্তৰ্গত শ’লমাৰীত অবৈধৰ কাঠৰ মিলৰ সন্ধানত এক বনবিভাগে অভিযান চলায়।

অভিযানত বন বিভাগৰ দলটোৱে জব্দ কৰে অবৈধ কাঠ মিলৰ দুটা অংশসহ প্ৰায় ৬০-৭০ হাজাৰ টকাৰ কাঠ।

আই বনসংমণ্ডৰ বিষয়াৰ নিৰ্দেশত ডিপুটি ৰেঞ্জাৰ ছালাম উদ্দিন সৰকাৰৰ নেতৃত্বত চলে এই অভিযান।

index.jpg2

জানিব পৰা মতে অতি সংগোপনে চলাইছিল যদিও এই অভিযান সম্পৰ্কে কাঠমিলৰ গৰাকীয়ে সম্ভেদ পাই মিলটো মূল ঠাইৰ পৰা খুলি নি ৫০০ মিটাৰ দূৰত নদীৰ পাৰ মাকৈ খেতিৰ কোণত লুকৱাই ৰাখিছিল।

কিন্তু বনবিষয়া ছালাম উদ্দিন সৰকাৰ নেতৃত্বাধীন গলটোৱে বিচাৰ খোচাৰ কৰি অবৈধ কাঠ ফলা মিলটো লুকুৱাই ৰখা স্থানৰ পৰা উদ্ধাৰ কৰিবলৈ সক্ষম হয়।

পিছত অবৈধ কাঠ মিলসহ কাঠখিনি অভয়াপুৰী বন আঞ্চলিক কাৰ্যালয় লৈ যোৱা হয়।