NORTHEAST NOW (Assamese)
Popular Stories

গতি বিনে গতি নাই! চিৰাজৰ গতিত চকু দিল্লী আৰক্ষীৰ; জৰিমনা বিহিব নেকি ভাৰতীয় পেচাৰক?

Posted by: এন ই নাও নিউজ, নতুন দিল্লী Updated by: এন ই নাও নিউজ, নতুন দিল্লী September 18, 2023 9:45 am

তেওঁৰ গতিবেগে প্ৰতিপক্ষক ধৰাশায়ী কৰিলে। ফিল্ডত জুই লগাই দিছে। প্ৰথম চাৰি অভাৰতে বুজাই দিছে খেলৰ ফলাফল কি হ’ব? এছিয়া কাপৰ ফাইনেলত শ্ৰীলংকাৰ বিৰুদ্ধে মহম্মদ চিৰাজে ২১ ৰানত ৬টা উইকেট দখল কৰে। তেওঁৰ গতি দেখি আনন্দিত হৈ পৰিছে দিল্লী আৰক্ষী। সেয়ে , তেওঁলোকে কৈছে যে গতিৰ বাবে ছিৰাজক জৰিমনা নিবিহে। আগন্তুক দিনতো ছিৰাজে এনেদৰে দুৰন্ত গতিৰে বলিং কৰক, তেওঁলোকে সেইটোৱে বিচাৰে।

শ্ৰীলংকাৰ বিৰুদ্ধে ছিৰাজে কৰা বলিঙৰ পিছত দিল্লী আৰক্ষীয়ে এক্স (পূৰ্বৰ-টুইটাৰ)ত লিখিছে যে, “গতিৰ বাবে ছিৰাজৰ চালান (জৰিমনা) কটা নাযাব”। দিল্লী আৰক্ষীয়ে ছিৰাজৰ বিষয়ে দিয়া এইটো এটা ধেমেলীয়া পোষ্ট।

লগতে পঢ়ক: বিৰোধীৰ অভিযোগত উত্তপ্ত সৰ্বদলীয় বৈঠক; মহিলা সংৰক্ষণ বিধেয়ক গৃহীত কৰাৰ দাবী

শ্ৰীলংকাৰ বিৰুদ্ধে চিৰাজ মেন অৱ দ্য মেচ হিচাপে পৰিগণিত হয়। তেওঁ খেলখনত জয়ী হৈ ৪ লাখ ১৫ হাজাৰ টকা লাভ কৰে। চিৰাজে গোটেই পুৰস্কাৰৰ ধন ঘূৰাই দিলে। সেই ধন তেওঁ কলম্বোৰ ফিল্ডৰ কৰ্মীসকলক দিলে। ভাৰতীয় বলাৰগৰাকীৰ মতে, বৰষুণৰ মাজত খেলাটো ফিল্ড ষ্টাফৰ বাবে সম্ভৱ হৈছিল। গতিকে সিৰাজে নিজৰ পুৰস্কাৰৰ ধন তেওঁলোকৰ হাতত তুলি দিলে।

খেলখনৰ শেষত ছিৰাজে কয়, “কলম্বোৰ ফিল্ড ৱৰ্কাৰসকল এই বঁটাৰ যোগ্য। তেওঁলোকৰ অবিহনে এই প্ৰতিযোগিতা আয়োজন কৰিব পৰাই নগ’লহেঁতেন। গতিকে এই ধন তেওঁলোকৰ হাতত তুলি দিব বিচাৰিছো।”

ভাৰতৰ হৈ এদিনীয়া ক্ৰিকেটত ছিৰাজে নতুন বলতো বলিং কৰে। কিন্তু সাধাৰণতে তেওঁ ক্ৰছ ছিম (বলৰ চিমৰ সৈতে আঙুলিটো ক্ৰছ কৰা হয়) ধৰি বলিং কৰে। ফলত খেলপথাৰত বলটো ছিমত নপৰে। ক্ৰছ ছিমত বল কৰিলে পিটছত পৰি কোনো এটা বল বাউন্স হয়। আকৌ কোনো এটা বল অলপ তলৰ দিশত থাকে। এইদৰে বল ধৰিলে সাধাৰণতে অধিক ইনছুইং হয়।

লগতে পঢ়ক: ছুটী লৈ ঘৰলৈ আহিছিল, মণিপুৰত অপহৰণ কৰি হত্যা সেনা জোৱানক

শ্ৰীলংকাৰ বিৰুদ্ধে ছিৰাজে নিজৰ ছিম সলনি কৰিলে। ভাৰতীয় পেচাৰগৰাকীয়ে কয়, ‘মই সাধাৰণতে ক্ৰছ ছিমত বলিং কৰো। কিন্তু এই মেচখনত মই ছিমত ধৰি বল কৰিছিলো। গতিকে ইনছুইংতকৈ আউটছুইং বেছি আছিল। সেইটোৱে কাম কৰিলে। বেছিভাগ বেটছমেনেই আউটছুইংত আউট হৈছে। মোৰ সপোন বাস্তৱায়িত হৈছে।”

বেটছমেনৰ ভৰিৰ কাষত ছিৰাজে বলিং কৰিছে। খেলিবলৈ বাধ্য কৰিছে। ছিৰাজে যি লেংথত চিৰাজে বল কৰিছে সেইটো বেটছমেনসকলৰ বাবে শ্বট খেলিবলৈ সুবিধাজনক। কিন্তু ভাৰতীয় পেচাৰগৰাকীয়ে সেই লেংথত বলিং কৰিয়েই সফলতা লাভ কৰিছে।

এই প্ৰসংগত ছিৰাজে কয়, ‘’সকলো উইকেটৰ পৰাই হৈছিল। বল ছুইং কৰিছিল। সেয়ে মই বেছি একো কৰাৰ চেষ্টা কৰা নাছিলো। মাত্ৰ বেটছমেনৰ বেটৰ কাষত বলিং কৰিবলৈ চেষ্টা কৰিছিলোঁ। তাৰ পিছত বাকী কাম পিটচে কৰিছে। বেটছমেনসকলক খেলাবলৈ চেষ্টা কৰিছিলো। তাতেই সফল হ’লো।‘’