NORTHEAST NOW (Assamese)
ক্ৰীড়া

জুৰিখত ইতিহাস ৰচিলে নীৰজ চোপ্ৰাই: প্ৰথমগৰাকী ভাৰতীয় হিচাপে জিনিলে ডায়মণ্ড লীগ ফাইনেলছৰ খিতাপ

Posted by: এন ই নাও নিউজ, গুৱাহাটী September 9, 2022 3:29 pm
Neeraj Chopra Diamond League

পুনৰ এবাৰ দেশক গৌৰৱান্বিত কৰি তুলিলে অলিম্পিক স্বৰ্ণ জয়ী জেভলিন থ্ৰ’ৱাৰ নীৰজ চোপ্ৰাই। আঘাতৰ পৰা সুস্থ হৈ উঠাৰ পিছত নিজৰ চমকপ্ৰদ প্ৰদৰ্শন অটুট ৰাখি তাৰকা গৰাকীয়ে এক নতুন ইতিহাস ৰচি আজি অৰ্জন কৰিছে ডায়মণ্ড লীগ ফাইনেলছত শ্ৰেষ্ঠত্ব।

জুৰিখত অনুষ্ঠিত হোৱা এই সন্মানীয় প্ৰতিযোগিতাখনত খিতাপ জয় কৰা প্ৰথমগৰাকী ভাৰতীয় এথলীট হিচাপে বিবেচিত হয় নীৰজ। ৮৮.৪৪ মিটাৰ থ্ৰ’ৰে ভাৰতীয় তাৰকাগৰাকীয়ে এই কৃতিত্ব অৰ্জন কৰে।

খিতাপ জয়ৰ পথত অলিম্পিক স্বৰ্ণজয়ী নীৰজ তেনে কোনো বিশেষ প্ৰতিদ্বন্দিতাৰ সন্মুখীন নহয়। ভাৰতীয় তাৰকাগৰাকীৰ পিছত দ্বিতীয় স্থানত থকা টকিঅ’ অলিম্পিকৰ ৰূপৰ পদক বিজয়ী জাকুব ভাডলেচেই ৮৬.৯৪ মিটাৰ থ্ৰ’ কৰে।

Also read : Divorce Party: বন্ধন মুক্তিৰ উৎসৱ! ১৮ ব্যক্তিয়ে নাচি-বাগি উদযাপন কৰিলে বিবাহ বিচ্ছেদৰ আনন্দ

আনহাতে জাৰ্মানীৰ জুলিয়ান ৱেবাৰে ৮৩.৭৩ মিটাৰ থ্ৰ’ৰে তৃতীয় স্থান লাভ কৰে।

উল্লেখ্য যে আঘাতৰ পৰা সুস্থ হৈ আন্ত:ৰাষ্ট্ৰীয় টুৰ্ণামেণ্টলৈ প্ৰত্যাৱৰ্তন কৰিয়ে যোৱা মাহত নীৰজে লাউচেন ডায়মণ্ড লীগত প্ৰথম স্থান অৰ্জন কৰিছিল। এই সফলতাৰ দ্বাৰা ডায়মণ্ড লীগ ফাইনেলছলৈ যোগ্যতা অৰ্জন কৰিছিল তাৰকাগৰাকীয়ে।

উল্লেখ্য যে বিশ্ব চেম্পিয়নশ্বিপত ৰূপৰ পদক জয় কৰাৰ পিছত নীৰজ চোপ্ৰা আঘাতৰ বাবে কমনৱেলথ গেমছৰ পৰা বাহিৰ হৈছিল। কিন্তু আঘাতৰ পৰা সুস্থ হৈ ডায়মণ্ড লীগ ফাইনেলছৰ খিতাপ জয়েৰে নীৰজে পুনৰ নিজৰ শ্ৰেষ্ঠত্ব প্ৰতিপন্ন কৰে।

Also read : Asia Cup Final: এছিয়া কাপ শ্ৰীলংকাৰ; চাপত হাৰ মানিলে পাকিস্তানে